গোলাঘাট, ২৮ আগষ্ট : ৰাজ্য চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত এটা অত্যাধুনিক ডায়লাইছিছ কেন্দ্ৰ মুকলি কৰে ।

এই কেন্দ্ৰটোত এদিনত তিনিটা শ্বিফ্টত ছজনকৈ মুঠ ১৮ জন ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ ডায়লাইছিছ সেৱা প্ৰদানৰ সুবিধা থাকিব । মন্ত্ৰীগৰাকীয়ে এই কেন্দ্ৰটোৰ পৰা জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ।

আনহাতে মন্ত্ৰীগৰাকীয়ে আজি ক'ভিডত স্বামীহাৰা হোৱা মহিলালৈ মুখ্যমন্ত্ৰী সাহায্য আঁচনিৰ অধীনত জিলাখনৰ মুঠ ৭ গৰাকী বিধৱা মহিলাক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে । এতিয়ালৈকে জিলাখনৰ ৪২টা পৰিয়ালক এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে । তেওঁ কয় যে ৰাজ্য চৰকাৰে এইখন আঁচনিৰ উপৰি ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ১ লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে জিলাখনৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু কুলদীপ হাজৰিকাৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।