গোলাঘাট জিলাৰ গোলাঘাট পৌৰসভাৰ অন্তৰ্গত কেইটিমান ৱাৰ্ডত কালি নিশা হোৱা এজাক মূষলধাৰ বৰষুণতে কেইবাটিও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে ৷

উল্লেখ যোগ্য যে হিন্দী হাইস্কুল,শ্ৰীমন্ত নগৰ,চন্দন নগৰ আৰু পুৰণা আমোলাপট্টিৰ অঞ্চল সমূহ বানৰ কবলত পৰে আৰু সেই অঞ্চলৰ স্থায়ী বাসিন্দা সকলৰ ঘৰৰ ভিতৰত পানী সোমাই বয়বস্তুৰ যথেষ্ট ক্ষতি সাধন কৰে ৷

ইয়াৰ মূল কাৰণ হৈছে গোলাঘাট জিলাৰ উক্ত আৱাসীকৃত এলেকা সমূহত বৰষুণত জমা হোৱা অতিৰিক্ত পানী সমূহ ওলাই যাবলৈ কোনো ধৰণৰ নলা নাই ৷ আৱাসীকৃত এলেকা সমূহত জাৱৰ-জোঁথৰ পেলোৱাৰ ফলত পানী যোৱা নলা সমূহ বন্ধ হৈ পৰিছে যাৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈ জনজীৱন ব্যাহত কৰি তুলিছে ৷

এনে কৃত্ৰিম বানে গোলাঘাট চহৰৰ সচেতন মহলৰ চকু কপালত তুলিছে আৰু জিলা প্ৰশাসন তথা পৌৰসভাত নলা ৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

গোলাঘাটৰ পৰা হৃষিকেশ বৈশ্য