গোলাঘাট, ২৪ ছেপ্টেম্বৰঃ আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি জিলা পুথিভঁৰালৰ বাকৰিত জিলাখনৰ ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় ।

এই প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাগৰাকীও উদ্যমী, শিল্পী, শিপিনী আৰু থলুৱা ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে । বিপনীসমূহত থলুৱাভাৱে প্ৰস্তুত কৰা আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ চাহ, মুগা আৰু এৰি কাপোৰ, হাতেৰে প্ৰস্তুত কৰা কাঠৰ আৰু বাঁহ-বেতৰ সামগ্ৰী আদি প্ৰদৰ্শন কৰা হয় ।

জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে । তেওঁ স্থানীয় উদ্যোগী তথা উদ্যমীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰো বুজ লয় । উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাত ৰপ্তানিৰ যথেষ্ট সম্ভাৱনা আছে, কেৱল এই সম্ভাৱনাসমূহক উপলব্ধি কৰিব পাৰিব লাগিব । তেওঁ বিশেষকৈ মহিলা আৰু যুৱ উদ্যমীসকলক তেওঁলোকৰ ব্যৱসায়সমূহ ৰপ্তানিযোগ্য কৰিব পৰাকৈ মান উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

আনহাতে ইয়াৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰালৰ সভাগৃহত ৰপ্তানি সন্মিলন শীৰ্ষক অনুষ্ঠানৰো আয়োজন কৰা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সন্মিলনত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক শ্ৰী উমেশ কুমাৰে আদৰণি ভাষণ দিয়ে । অনুষ্ঠানত জিলা কৃষি বিষয়া শ্ৰী নবীন চন্দ্ৰ বৰা, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক শ্ৰী চন্দন শ্ব' আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।