গোলাঘাট, ২২ ছেপ্টেম্বৰঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি গোলাঘাট জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নৱনিযুক্ত ৱাৰ্ডেনসকলৰ এখন সভা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অধীনত স্বেচ্ছামূলকভাৱে নিযুক্তি লাভ কৰা ২৭ গৰাকী ৱাৰ্ডেনক জিলা প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় । উপায়ুক্তগৰাকীয়ে বিনা বেতনে ত্যাগৰ মনোভাৱেৰে সেৱা আগবঢ়াবলৈ অহা ৱাৰ্ডেনসকলক অনাগত যিকোনো দুৰ্যোগৰ সময়ত জিলাবাসীলৈ সহায়ৰ হাত আগবঢ়াব পৰাকৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ ৱাৰ্ডেনসকলে এইদৰে সেৱা আগবঢ়াবলৈ অহাটো নিঃসন্দেহে প্ৰশংসাৰ যোগ্য বুলি মত প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক শ্ৰী সীমান্ত শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাৰ লগতে নৱনিযুক্ত ৱাৰ্ডেনসকল উপস্থিত আছিল ।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।