গোলাঘাট, ১০ জুলাই : ১৯৯৩ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ বজালী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়ে নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰীযুত মানৱেন্দ্ৰ প্ৰতাপ সিঙ(ভা: প্ৰ: সে:)ক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীসিঙে মন্তব্য কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত শ্ৰীবৰুৱাই কয় যে বৰ্তমান সময়ত গোলাঘাট জিলাখনৰ বাবে ভালেখিনি প্ৰত্যাহ্বান আছে । তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী ইজন সিজনৰ পৰিপূৰক বুলি উল্লেখ কৰি "টীম গোলাঘাট"ৰ মানসিকতাৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰা, প্ৰতিষেধক প্ৰদান, ক'ভিড আক্ৰান্তৰ হাৰ ৰাজ্যিক গড়তকৈ হ্ৰাস কৰা আদি বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । গোলাঘাটক এটা পুৰণি সংস্কৃতিবান অঞ্চল বুলি উল্লেখ কৰি তেওঁ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা মানি প্ৰশাসনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে কয় যে ক'ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা লোকৰ বিৰুদ্ধে কাইলৈ আৰক্ষী আৰু চি আৰ পি এফৰ উদ্যোগত গোলাঘাটত অভিযান চলোৱা হ'ব । লগতে সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকক ভ্ৰাম্যমান ক'ভিড পৰীক্ষা কৰা দলে যিকোনো ঠাইতে পৰীক্ষা কৰিব । তেওঁ সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনায় । আজিৰ অনুষ্ঠানতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অলপতে যোগদান কৰা শ্ৰীযুত ধীৰাজ দাস ( অ: অ: সে:)কো এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*