News Next One , বিশ্বনাথ চাৰিআলি , ১৪ ছেপ্তেম্বৰ ঃ আজি বিশ্বনাথ চাৰিআলি চাপ্লাইৰ সন্মুখত চিপিআই (এম) বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত গো সুৰক্ষা বিধেয়ক ২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চিপিআই এম বিশ্বনাথ জিলা কমিটিৰ জেষ্ঠ বিষয়ববীয়া সকলে হাতে হাতে বেনাৰ , পোষ্টাৰ লৈ গো সুৰক্ষা ২০২১ বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। কাৰ্যসূচীত বিশ্বনাথ জিলা চিপিআই এম কমিটিৰ সম্পাদক গংগা পৰাজুলি , ৰাজ্যিক সদস্য দিনেশ নায়কৰ লগত বহু জেষ্ঠ বিষয়ববীয়া উপস্থিত থাকি বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷