গুৱাহাটীঃ নিজৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিলে সঁচা কিন্তু স্বৰ্ণ লাভ নকিৰলে হিমাই। ৪০০ মিটাৰ ৫১.৩২ ছেকেণ্ডত দৌৰি হিমাই ষষ্ঠ স্থান দখল কৰিও আন এক ইতিহাস সৃষ্টি কৰে অসম কন্যাই। 

স্বৰ্ণ লাভ কৰিব নোৱৰিলেও শ্ৰেষ্ঠ প্ৰদৰ্শন দি ষষ্ঠ স্থান দখল কৰে অসমৰ হিমাই। অসমৰ দৌৰৰ ৰাণী হিমাই বিশ্বৰ অন্যতম সংযুক্ত খেলৰ প্ৰতিযোগিতা কমনৱেলথ গেমছত স্বৰ্ণ পদক আজুৰি আনিব নোৱাৰিলে৷ বহু জল্পনা-কল্পনাৰ অন্তত দৌৰৰ ৰাণী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও স্বৰ্ণ লাভ কৰিবলৈ সক্ষম নহ’ল৷

কমনৱেলথ গেমছৰ এথলেটিকছত দপদপাই অসমৰ হিমাই ফাইনেলত প্ৰৱেশৰ সফলতা লাভ কৰিছিল৷ প্ৰতিপক্ষক ধৰাশায়ী কৰি চেমি ফাইনেল জয়ী হৈছিল হিমা৷ দেশ তথা ৰাজ্যবাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ দৌৰ দিছিল হিমাই৷ পূৰ্বে অনুমান কৰা অনুযায়ী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল৷ হিমাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ কিন্তু বিশ্ব জয়ৰ কৰিব নোৱাৰিলেও হিমাৰ বিশ্ব জয়ৰ পৰা কিছু দূৰত। 

হিমাই দেশবাসীক দিব খুজিছিল স্বৰ্ণ উপহাৰ৷ আশা কৰা মতেই হিমাই দেশবাসীক দিব নোৱৰিলে এই উপহাৰ৷ কঠোৰ পৰিশ্ৰম কৰি চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমাই বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ পাতনি মেলি ফাইনেলত প্ৰৱেশ কৰিছিল।

নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ এই সফলতাত আনন্দিত ৰাজ্যবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ 

কমনৱেলথ গেমছ কি জনা নাছিল তেওঁ৷ তেও জানিছিল কেৱল দৌৰিব৷ যাৰ বাবে সোণৰ পদক আজুৰি আনিবলৈ চেষ্টা কৰিছিল কমনৱেলথ গেমছত৷ ৫ বাজি ১৫ মিনিট যোৱাৰ লগে লগে হিমাই স্বৰ্ণ জয়ৰ বাবে দৌৰ দিছিল।

স্মৰ্তব্য যে, সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই মঙলবাৰে ফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ দৌৰৰ ৰাণীয়ে৷ পূৰ্বে অনুমান কৰা মতেই কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত ফাইনেলত প্ৰৱেশ কৰিছিল হিমা দাসে৷ হিমাই মাথো ৫১.৫৩ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে মঙলবাৰে৷