ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থাৰ তথ্য মতে দেশৰ ভিতৰতে কৃষকৰ আত্মহত্যাত দ্বিতীয় স্থানত আছে তেলেংগানা ৰাজ্য৷ বহুবাৰ ৰাজ্যসভাৰ কথাটো উত্থাপন হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় চৰকাৰৰ৷ খোদ তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰাৰ পিছতো বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷

ৰাৱে কয়, মই এই বিষয়ে মোডীলৈ চিঠি লিখাৰ উপৰিও মন্ত্ৰীসকলে ২০ বাৰৰো অধিক মোডীক কৃষকৰ সমস্যাৰ কথা জনাইছে৷ কংগ্ৰেছ আৰু বিজেপি মাজত কোনো পাৰ্থক্য নাই বুলি কৈ বিজেপি, কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কয়। যোৱা ৭০ বছৰত চৰকাৰ সলনি হৈছে যদিও কৃষকৰ সমস্যা সমস্যা হৈয়ে ৰৈছে। 

ৰাজ্য চৰকাৰৰ তথ্য মতে যোৱা দুটা বছৰত ১,৯৯০ জন কৃষকে আত্মহত্যা কৰিছে। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই একাংশ কৃষকে আত্মহত্যাৰ কৰাৰ বিপৰীতে এতিয়া একাংশ ৰাজপথত নামি নিজৰ প্ৰাপ্য বিচাৰি আন্দোলন কৰি আহিছে। কৃষকৰ সমস্যা সমাধানত কেন্দ্ৰ চৰকাৰ সম্পূৰ্ণ ভাৱে ব্যৰ্থ হোৱা বুলি কৈ কৃষকৰ বাবে এখন ৫ লাখ টকীয়া বীমা আঁচনিৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।