ডিজিটেল ডেস্কঃ ২০ বছৰ পূৰ্বৰ কৃষ্ণ মৃগ হত্যা গোচৰত বৃহস্পতিবাৰে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক দোষী সাব্যস্ত কৰে জোধপুৰৰ এখন আদালতে৷ ২০ বছৰ ধৰি চলা শুনানিৰ অন্তত ছলমান খানক আদালতে দোষী সাব্যস্ত কৰে৷ বন আইনৰ ৯, ১২ ধাৰা Wildlife Protection Actৰ অধিনত দোষী সাব্যস্ত কৰে ছলমানক৷

 
০৫ এপ্ৰিলতে অৰ্থাৎ বৃহস্পতিবাৰেই ছলমানৰ শাস্তি ঘোষণা কৰিব আদালতে৷ এই ঘটনাৰ আন চাৰি অভিযুক্ত অভিনেতা ছৈঈফ আলি খান, নিলম, সোণালি বেন্দ্ৰে, আৰু তাব্বুক নিৰ্দোষী ঘোষণা কৰে আদালতে৷ 

আদালত চৌহদত ছলমান খানাৰ সৈতে ভগ্নী অৰ্পিতা আৰু অলবিৰাও উপস্থিত থাকে৷ বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত সকলো অভিযুক্ত জোধপুৰ আদালতত হাজিৰ হৈছিল৷ চৰকাৰী অধিবক্তাই তেওলোকৰ পক্ষ মজবুত বুলি কৈ তেওঁলোকে এই গোচৰৰ অভিযুক্তক শাস্তি দি এৰিব বুলি কৈছিল৷

ইয়াৰ পূৰ্বে ছলমান খানে অস্ত্ৰ গোচৰৰ লগতে আন দুটা গোচৰত ৰেহাই পায়৷ এইটো আছিল চতুৰ্থ গোচৰ যিটো গোচৰত ছলমান খানত দোষী সাব্যস্ত কৰা হয়৷

১৯৯৮ চনত এটি নিশা দুটা কৃষ্ণ মৃগ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ছলমানৰ বিৰুদ্ধে৷ জোধপুৰৰ চটে কাংকাণী নামৰ গাঁৱত ছলমান খানে দুটা কৃষ্ণ মৃগ হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ সেই সময়ত ছলমানৰ ‘হাম ছাথ ছাথ হ্যে’ বোলছবি খনৰ দৃশ্য গ্ৰহণ হৈ আছিল৷

ইয়াৰ পূৰ্বে এই ঘটনাৰ বাবে জোধপুৰ জেলত ছলমান খানে ১৮ দিন থাকিব লগা হৈছিল৷ ১৯৯৮ চনত ১২ অক্টোবৰত বন বিভাগে আটক কৰিছিল ছলমানক৷ ১২ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ জেলত থাকিব লগা হৈছিল৷ পুনৰ ফাৰ্ম হাউচ গোচৰত ২০০৬ চনৰ ১০ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ চেন্ট্ৰেল জেলত থাকিব লগা হৈছিল৷  চেচন কোৰ্টে পূৰ্বে ঘোষণা কৰা শাস্তিৰ বাবাদ ২০০৭ চনৰ ২৬ আগষ্টিৰ পৰা ৩১ আগষ্টলৈ জেলত থাকিব লগা হৈছিল ছলমান।