কাজলগাঁও: চিৰাং জিলাৰ ছাপাগুৰিত শনিবাৰে আবেলি কে'বাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদ, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ 'চিন্তন বৈঠক' অনুষ্ঠিত হয় ৷

চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত চিন্তন বৈঠকত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।