গোলাঘাট, ২৮ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু গোলাঘাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত ২৯ ছেপ্টেম্বৰ বুধবাৰে পুৱা ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটি সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে । এই সজাগতা শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি এই সন্দৰ্ভত যুৱক-যুৱতীসকলক বিতংভাৱে অৱগত কৰোৱা হ'ব । উল্লেখযোগ্য যে বিত্তীয় প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ ঋণ প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে তথা ব্যাপক হাৰত নিয়োগ সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন ৰূপায়ন কৰিছে । ১০ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ কৰা উৎপাদন খণ্ডৰ উদ্যোগ অথবা ৫ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ হোৱা ব্যৱসায় বা সেৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ লোকক এই আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় । আচঁনিখনৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে । গোলাঘাট জিলাৰ নিবনুৱা যুৱক-যুৱতীসকলক এই সজাগতা শিবিৰত অংশগ্ৰহণ কৰি আচঁনিখনৰ দ্বাৰা কিদৰে উপকৃত হ'ব পাৰি সেই সন্দৰ্ভত অৱগত হ'বলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক শ্ৰী উমেশ কুমাৰে অনুৰোধ জনাইছে ।