News Next One দৰং- সাম্প্ৰতিক সময়ত ৰাজ্যত কিডনী বিক্ৰীৰ দৰে ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই দৰং জিলাৰ পূৱ প্ৰান্তৰ দলগাঁও ৰ ঢেকেৰিগাঁওৰ যুৱক নিতু দাসক কিডনী বিক্রীৰ চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত মৰিগাঁও আৰক্ষীয়ে দলগাওঁ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

যুৱকজনে চলিত বৰ্ষত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এককালীন সাহায্যও আগবঢ়ায় । যুৱক জনে চৰকাৰী বিধিগত ভাবে এই প্ৰক্ৰিয়া অব্যাহত ৰাখে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে । মৰিগাঁও আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

স্থানীয় সংবাদদাতা: বৰ্ণিল বৰুৱা, দৰং জিলা