গোলাঘাট, ১৯ আগষ্ট : গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গোলাঘাট জিলা আদালত চৌহদত অহা ১১ছেপ্টেম্বৰত লোক আদালত অনুষ্ঠিত হ'ব । এই লোক আদালতত বেংক, বিদ্যুৎ বিভাগ, পৌৰ সভা আৰু আদালতত আমীমাংসিত হৈ থকা মোকৰ্দমাসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব ।

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই লোক আদালত ভাৰ্চুৱেল আৰু ব্যক্তিগত উভয় মাধ্যমেৰে কৰা হ'ব । যিসকল লোকে ইতিমধ্যে লোক আদালতৰ জাননী পাইছে তেওঁলোকক সংশ্লিষ্ট বিভাগ বা আদালতৰ ন'ডেল বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । ফোন, ছ'চিয়েল মিডিয়া যেনে হোৱাটছএপ, গুগল মীট বা জুমৰ জৰিয়তে ভয়চ কল বা ভিডিঅ' কল কৰিও সংশ্লিষ্ট বিভাগ বা ব্যক্তিৰ সৈতে বিবাদ নিষ্পত্তি কৰিব পাৰিব ।

অধিক তথ্যৰ বাবে ৬৯০১২-৮১৬৩১ নম্বৰত ফোন বা হোৱাটছএপ কৰাৰ লগতে dlsa.golaghat@gmail.com ত মেইল কৰিবও পাৰিব । এই ক্ষেত্ৰত ইচ্ছুক ব্যক্তিয়ে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰৰ পৰাও সহায় ল'ব পাৰে ।