চতিয়া: অৱশেষত এজন এজনকৈ চতিয়া কাণ্ডৰ মুঠ বাৰজন অভিযুক্ত এতিয়া জালত পৰিছে চতিয়া আৰক্ষীৰ ৷ ১৫ আগষ্টৰ পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাত এদল উন্মাদ লোকে গৰু চোৰৰ সন্দেহত চাৰি জনকৈ নিৰীহ লোকক অতি নৃশংসভাৱে আক্ৰমণ কৰি দেবেন ৰাজবংশী নামৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৷

ঘটনাটো সম্পূৰ্ণ ২৪ ঘণ্টা গোপনে আছিল যদিও ১৬ আগষ্টত পোহৰলৈ অহাত আৰক্ষীৰ শীৰ্ষ মহলতো সৃষ্টি হৈছিল তীব্ৰ জোকাৰণি৷ ঘটনাৰ পিচৰে পৰা বাগিছাখনত তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ অভিযান৷ ইতিমধ্য আৰক্ষীৰ অভিযানৰ উমান পাই বাগিছাখনৰ ১৫ নং লাইনৰ পৰা পলায়ন কৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে পুৰুষ সকলে৷ আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে মৰেলপুলিছ গিৰি কৰা সৰ্বমুঠ ১২ জন লোকক।

গ্ৰেপ্তাৰ হোৱা সকল ক্ৰমে তুফান মুণ্ডা, শংকৰ মুণ্ডা, মহেন্দ্ৰ কাছাৰ, জীৱন পাটৰ, কেশৱ ঘাটোৱাৰ, হৰি সিং পাটৰ, দেৱেন মুণ্ডা, অমিত ঘাটোৱাৰ, প্ৰনৱ তুৰি, কৰ্মা মুণ্ডা, দীপেন্দ্ৰ পাটৰ আৰু তুলসী পাটৰ৷ আটাইকেইজনৰে ঘৰ ডিপলোঙা চাহ বাগিছাৰ ১৫ নম্বৰ লাইনত৷ আৰু কেইবাজনো লোক আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে৷

গৰু চুৰিৰ অভিযোগ তুলি চাৰিজন লোকক দা, লাঠি, ৰ'ডেৰে আক্ৰমন চলাইছিল এইসকল উন্মাদ লোকে। যাৰ ফলত নিহত হৈছিল দেৱেন ৰাজবংশী নামৰ এজন লোক। দেবেন ৰাজবংশীক আক্ৰমন কৰা এখন দা ও আজি আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইফালে, এতিয়াও মৃত্যুৰে চিকিৎসালয়ত যুঁজ দি আছে ফুলছন চাহু, বিজয় নায়ক আৰু পূজেন ৰাজবংশীয়ে।

ইফালে, আৰক্ষীয়ে ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাটো অন্য এক ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ চাৰিজনকৈ নিৰীহ লোকক আৰক্ষীয়ে গৰু চোৰ সজাবলৈ চলোৱা চেষ্টাক সকলোৱে একেমুখে গৰিহনা দিছে। বিশেষকৈ ঘটনাৰ বুজ লৱলৈ অহা ডি আই জি লাচিত বৰুৱাই এইটো গৰু চুৰিৰ ঘটনা আৰু আহত-নিহত সকল গৰু চোৰ আছিল বুলি সংবাদ মাধ্যমৰ আগত একেমুখে প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে আক্ৰমণৰ সন্মুখীন হোৱা লোক কেইজনৰ বাসস্থান ভোলাগুৰিৰ স্থানীয় ৰাইজ৷

তেওঁলোকে কোনো প্যধে মানি নলয় নিৰ্দোষী লোক কেইজনৰ ওপৰত আৰক্ষীয়ে জাপি দিব বিচৰা এই অপযশ৷ ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টাৰ পিচত হে তৎপৰ হোৱা আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ঘটনাটোক গৰু চুৰিৰ ঘটনা সজাবলৈ চেষ্টা চলোৱা বুলি একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷