ৰাজ্যখনত বৰ্দ্ধিত ক'ভিড ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কালিৰে পৰা প্ৰযোজ্য হোৱাকৈ আজি পুণৰ নতুন কৈ এলানি নিৰ্দ্দেশাৱলী ৰাজ্য চৰকাৰৰ সহযোগত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে ৷ আজি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ই উক্ত নিৰ্দ্দেশাৱলী ৰ বিষয়ে সদৰি কৰে ৷ কাইলৈৰ পৰা সমগ্ৰ ৰাজ্য খনতে বলবৎ হ'ব এখন নতুন ক'ভিড নিৰ্দ্দেশনা ৷

গোৱালপাৰা,গোলাঘাট, লক্ষীমপুৰ,যোৰহাট,বিশ্বনাথ চাৰিআলি,শোণিতপুৰ আৰু মৰিগাওঁ কে আদি কৰি এই সাতখন জিলা কন্টেইনমেন্ট জিলা হিচাপে চিহ্নিত কৰা হৈছে ৷ এই সাতখন জিলাত যোৱা দহটা দিনত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কন্টেইনমেন্ট জিলা হিচাপে চিহ্নিত কৰা হৈছে ৷ সেয়ে কন্টেইমেন জিলা হিচাপে চিহ্নিত হোৱা এই কেইখন জিলাত চৰকাৰী, বেচৰকাৰী কাৰ্যালয় তথা সকলো প্ৰতিষ্ঠান বন্ধ থাকিব ৷

ইয়াৰ বিপৰীতে ডিব্ৰুগড়,কোকৰাঝাৰ, বৰপেটা,নলবাৰী,বাক্সা, বজালী,কামৰূপ(গ্ৰাম্য),দৰং,
নগাওঁ,হোজাই,তিনিচুকীয়া,
ধেমাজি, কৰিমগঞ্জ,কাৰ্বি আংলং জিলাত দিনৰ দুই বজাৰ পৰা সান্ধ্য আইন কঠোৰ ভাৱে বলবৎ কৰা হ'ব বুলি নিৰ্দ্দেশাৱলীত প্ৰকাশ পাইছে ৷

ধুবুৰী,কামৰূপ(মহানগৰ),
দক্ষিণ-শালমৰা,মাজুলী,
চিৰাং,ওদালগুৰি,পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও,চৰাইদেউ আৰু হাইলাকান্দি জিলাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হোৱা বাবে সন্ধিয়া পাঁচ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হ'ব বুলি নিৰ্দ্দেশাৱলীত প্ৰকাশ পাইছে ৷

সান্ধ্য আইনৰ সময়ছোৱাত সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ থকাৰ উপৰিও আন্তঃ জিলা যাতায়তো বন্ধ থাকিব ৷ স্কুল,কলেজ আদি প্ৰতিষ্ঠানো সান্ধ্য আইনৰ সময় ছোৱাত বন্ধ থাকিব ৷ ওপৰত উল্লেখ কৰা কন্টেইনমেন্ট জ'ন ৰ সাত খন জিলাত স্কুল,কলেজ ৰ উপৰিও বন্ধ থাকিব সকলো ধৰণৰ চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয় সমূহ ৷ আনহাতে ক'ভিড ৰ নিয়মাৱলী চাহ বাগিছা সমূহৰ দৈনন্দিন কাম-কাজ বোৰ চলি থাকিব বুলি আজি প্ৰকাশিত নিৰ্দেশাৱলীত কোৱা হৈছে ৷ সান্ধ্য আইনৰ সময় ছোৱাত জৰুৰী আৰু অতি-জৰুৰী কালীন সেৱা সমূহ পূৰ্ব্বৰ দৰেই বাহাল থাকিব ৷

প্ৰতিবেদক:- অলকেশ চক্ৰবৰ্ত্তী
গোলাঘাট
তাৰিখ: ৬ জুলাই ২০২১