newsnextone.com। বাক্সাঃ বাক্সা জিলাৰ বগামাটিত বৃহস্পতিবাৰৰ পৰা North East Adventure Tourism Festival আৰম্ভণি কৰা হৈছে। পোন প্ৰথমবাৰৰ বাবে বাক্সাৰ বগামাটিত অনুষ্ঠিত কৰা হৈছে নৰ্থ-ইষ্ট এডভান্সাৰ টুৰিজিম ফেষ্টিভেলৰ৷

IIEৰ সৈতে কেইবাটাও সংগঠনৱ একত্ৰিত হৈ বিটিচি আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাত ১৪ছেপ্টেম্বৰৰ পৰা অহা ১৬ ছেপ্টেম্বৰলৈ চাৰিদিনীয়াকৈ এই উৎসৱ আয়োজন কৰা হৈছে। বগামাটিত দু-সাহসীক ক্ৰীড়াৰ ক্ষেত্ৰত থকা সম্ভাৱনা বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই "উত্তৰ পূৰ্বাঞ্চল দুঃসাহসিক পৰ্যটন উৎসৱ" অনুষ্ঠিত কৰা হৈছে।

বৃহস্পতিবাৰে আবেলি ৩ বজাত জীপ চাফাৰীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। পিছত বাইক ষ্টান্ট আৰু হাতী চাফাৰী,ৰাফটিং খেল মুকলি কৰে। তেওঁ সাংবাদিকৰ আগত কয়, অসমত কেইবাটাও দুঃসাহসিক খেলৰ সম্ভাবনা আছে আৰু তাৰেই উদাহৰণ হল বগামাটি। লগতে বনাঞ্চল ধংশ নকৰি, বনাঞ্চল খন দেখুৱাই টকা উপাৰ্জন কৰিবলৈ আহ্বান জনায় সকলোকে।

পাৰিপাৰ্শ্বিকতা বজাই ৰাখি আমি উপাৰ্জন কৰিব লাগিব বুলি কয় অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। প্ৰথমে দিনৰ ১১বজাত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী,আই আই ইৰ অধ্যক্ষ অভিজিত শৰ্মা,অৰুণাচল চৰকাৰৰ প্ৰতিনিধি,ছিকিম চৰকাৰৰ প্ৰতিনিধি,ভূটান চৰকাৰৰ প্ৰতিনিধি বৰ্গৰ লগতে তিনিখন ৰাজ্যৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে আৰু পাঁচ শতাধিক স্থানীয় ৰাইজে মুকলি সভাত অংশ গ্ৰহণ কৰে।