ডিফু: সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো জিলা উপায়ুক্ত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তৎপৰতাত বন্ধৰ মাজতো কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নোহোৱাকৈ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী শান্তিপূৰ্ণভাবে অনুষ্ঠিত হৈ যায় ৷

স্বাধীনতা দিৱসৰ কাৰ্যসূচী শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হয় যদিও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বিধি পথালি লগায় ৷ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত একাংশ বিষয়া -কৰ্মচাৰীৰ ওপৰত ৰুষ্ট হৈ পৰে পূৱ কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত৷

স্বাধীনতা দিৱসৰ দৰে মহৎ কাৰ্যসূচীত সদৰ চহৰ খনৰ কেইবা সহস্ৰাধিক দৰ্শক উপস্থিত থকাৰ বিপৰিতে কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থকাৰ পৰা বিৰত আছিল। ইয়াৰ ভিতৰত জিলা পৰিবহন বিষয়া আৰু জিলা কোষাধ্যক্ষও আছিল৷ কাৰ্বি আংলং জিলা পৰিবহন বিষয়াই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত থকা নাছিল যদিও বিষয়া গৰকীয়ে ত্ৰিৰংগা পতাকালৈ ৰাজপথত মটৰ চাইকেল ৰেলী বাহিৰ কৰিছিল৷

এই জিলা উপায়ুক্ত গৰাকীয়ে জিলা কোষাধ্যক্ষ আৰু জিলা পৰিবহন বিষয়া গৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ আনহাতে, স্বাধীনতা দিৱসৰ দিনা ডিফু লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ বজাৰ শাখাত ত্ৰিৰংগা পতাকা ওলোটাকৈ উৰুৱাৰ বাবেও বেংক কৰ্তৃপক্ষলৈ জাননী জাৰী কৰা হৈছে বুলি জানিব পৰা গৈছে।