মৰিগাঁও: ২০১৩ চনৰ ১৮ আগষ্ট তাৰিখে জন্ম লাভ কৰা মধ্য অসমৰ ৰাজনৈতিক দলটোৱে শনিবাৰে মৰিগাঁও বিহুতলিত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰে দলটোৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস। উখল মাখল মৰিগাঁও বিহুতলিত মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ নেতা কৰ্মীৰ উপস্থিতিত আয়োজন কৰে প্ৰতিষ্ঠা দিৱসটি।

কাৰ্য্যসূচী মৰ্মে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি খগেন বৰদলৈয়লয়ে। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণৰ লগতে ভাৰত ৰত্ন, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ এক বজাত মুকলি সভা অনুষ্ঠিত কৰে।

মুকলি সভাৰ সভাপতিত্ব কৰে জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি খগেন বৰদলৈয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ উপঃ মুখ্য কাৰ্য্যবাহী সদস্য মোহন সেনাপতি, তিৱা পৰিষদৰ সদস্য বলু বৰদলৈ আদি।

ভাষণ প্ৰসংগত বিধায়ক ৰমাকান্ত দেউৰীৰে কয় যে, মধ্য অসমৰ জনতাৰ অৰ্থ সামাজিক, ৰাজনৈতিক আৰু ভাষা সংস্কৃতি বিকাশৰ লক্ষ্যৰে গঠন কৰা হয় জাতীয় ঐক্য মঞ্চ নামৰ ৰাজনৈতিক সংগঠনটো। মধ্য অসমৰ জনতাৰ আবেগ অনুভূতিক সন্মান জনাই সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

বিজেপি, অগপ, বিপিএফ দলৰ লগত যেনেকৈ এতিয়া মিত্ৰজোঁটত আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি একেলগে নিৰ্বাচনত অৱৰ্তীৰ্ণ হলে জাতীয় ঐক্য মঞ্চ সুখী হব বুলি কয়।

যদিহে মিত্ৰজোঁটৰ ধৰ্ম পালন নকৰি নিজাববীয়াকৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় তেন্তে জাতীয় ঐক্য মঞ্চই নিজা শক্তিৰে নিৰ্বাচনত অবৰ্তীণ হব আৰু তাৰ বাবে জাতীয় ঐক্য মঞ্চৰ সকলো নেতা কৰ্মীক আৰু সমূহ ৰাইজক আগন্তুক যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু থাকিবলৈ আহ্বান জনায়।