গোলাঘাট, ১০ জুলাই : গোলাঘাটৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ( পূৰ্বৰ ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয় ) ৰ আজি ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

সম্প্ৰতি ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত সংখ্যক লোকৰ উপস্থিতিত সকলো ক'ভিড প্ৰটকল মানি আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পিছতে শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক পৰিচালন অধ্যক্ষ প্ৰয়াত ৰূপক গগৈৰ প্ৰতিচ্ছবি আৰু প্ৰয়াত জীৱকান্ত গগৈ আৰু প্ৰাক্তন কৰ্মচাৰী দীপক কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই।

লগতে উপস্থিত থাকে অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস আৰু উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা। বৰ্তমানৰ পৰিচালনা সমিতিৰ অধ্যক্ষ দীপক কুমাৰ গগৈয়ে ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে আৰু শিক্ষানুষ্ঠান খনক গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰূপে পৰিচিত কৰি তোলাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান খনৰ সৈতে জড়িত সকলোৰে কষ্ট, ত্যাগ আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায়।

গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ