ডিজিটেল ডেস্কঃ দেশৰ মহিলা শ্বুটাৰ তেজশ্বীনি চাৱন্তে ভাৰতলৈ আনিলে ৰূপৰ মেডেল৷ শ্বুটাৰ তেজশ্বীনি চাৱন্তে ৫০ মিটাৰৰ ৰাইফলত প্ৰণ বিভাগত ৬১৮.৯ স্কোৰ কৰি ৰূপৰ মেডেল লাভ কৰে৷

অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ বাবে ভাল দিনৰ আশা কঢ়িয়াই আনিছে ক্ৰীড়াৰ ক্ষেত্ৰখনত৷ 

প্ৰতিটো দিনেই সুন্দৰ আৰম্ভণি কৰিছে ভাৰতৰ খেলুৱৈসকলে৷ কুষ্টিত সুশীল কুমাৰে ইতিমধ্যে ফাইনেলয় প্ৰৱেশ কৰি ৰূপৰ মেডেল সুনিশ্চিত কৰিছে৷ আনহাতে ৰাহুল অবাৰে কুষ্টিত ব্ৰঞ্জৰ মেডেল লাভ কৰাটো সুনিশ্চিত হৈছে৷

বৃহস্পতিবাৰে ৮টা পদকৰ ববাে যুঁজ দিব৷ ভাৰতে মুঠ পদক লাভ কৰিছে ২৫ টা৷ ১২ সোণ, ৫ ৰূপ আৰু ৮ ব্ৰঞ্জৰ মেডেল ভাৰতলৈ আহিছে৷ কমনৱেলথ তালিকাত তৃতীয় স্থানত আছে ভাৰত