Printer-friendly version

পিতা

চকুৰ পতাত যি জনে কঢ়িয়াই ফুৰে
এখন সেউজীয়া আকাশ
নক্ষত্ৰৰ চেকা লগা চুৰিয়াত যিয়ে বান্ধি ৰাখিছিল এচিকুট হাঁহি
সেইজন মোৰ পিতাই, আমাৰ পিতাই ৷

আই চেকনি চিঙিলে পিঠিত
ঠেহ পাতি ৰৈ থাকিছিলো ৰহ!  কৈ দিম পিতাইক ৷
দূৰৈত ৰিণি ৰিণি চাইকেলৰ টিলিঙা এটি বাজে
দহ ঘৰ বাট আগুৱাই গৈ লফিয়াই উঠো চাইকেলত
আৰম্ভ কৰো নাৰদৰ খেল
পিতাই হাঁহে ৷

মোৰ পিতাই চুই চাব পৰা ভগৱান
ৰাতি গণি থাকে যি তৰা 
শাওঁণৰ পথাৰৰ ৰখীয়া 
আঘোণৰ পথাৰৰ চফল ডেকা 
সেইজন মোৰ পিতাই , আমাৰ পিতাই ৷

যি কোনো দিন দুগালত স্নো নঘহে
যি কোনো দিন দুখত ভাঙি নপৰে 
যি কোনো দিন ভাগৰি নপৰে সেইজন মোৰ পিতাই ,আমাৰ পিতাই ৷
পিতা মোৰ ওঠৰ হাঁহি
এডোখোৰ লাজ 
এধানিমান চকুপানী
আৰু
আমাৰ ঘৰৰ চুই চাব পৰা ভগৱান ৷

কবিঃ প্ৰণৱ কুমাৰ দাস 
বাক্সা