Home ৰাজনীতিকোকৰাঝাৰত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

কোকৰাঝাৰত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

by News Desk
79 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিচি চুক্তি পুণৰীক্ষণ,সমমৰ্যদা,সমঅধিকাৰ আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুয়ে কোকৰাঝাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কোকৰাঝাৰ জিলা উপাযুক্তৰ কাৰ্যালয়ৰ নিকটত শিশু উদ্যান প্ৰাংগণৰ সন্মুখত আজি আমছুৰ উদ্যোগত অনুষ্ঠিত হোৱা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত আমছুৰ সহস্ৰাধিক নেতা-কৰ্মী,সমৰ্থকে হাতে হাতে বেনাৰ ফেষ্ঠুন,প্লেকাৰ্ড আদি লৈ হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ইত্যাদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে । 

এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু উপদেষ্টা আজিজুৰ ৰহমানে হাগ্ৰামা মহিলাাৰী নেতৃত্বাধীন বি টি চি চৰকাৰে সংখ্যালঘু সকলক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰি বি টি চিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সমমৰ্যাদা,সমউন্নয়ন আৰু সমধিকাৰৰ স্বাৰ্থত বি টি চি চুক্তি পুনৰীক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে। ইয়াৰোপৰি ২০০৩ চনৰ পৰা বি টি চিত বসবাস কৰি অহা সংখ্যালঘু পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা, ছাত্রনেতা লাফিকুল ইছলামৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰা,বডোলেণ্ড বিশ্ববিদ্যালয়ত সংখ্যালঘুৰ বাবে উৰ্দু আৰু আৰৱীক বিষয়ৰ শিক্ষক নিযুক্তি কৰা, ভি চি ডি চিত নিৰ্বাচন অনুষ্ঠিত কৰা আদিকে ধৰি মুঠ ২০ দফীয়া দাবীৰ সমৰ্থনত জিলা উপাযুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰে আমছুৱে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0