কেজৰিৱালৰ কৰ্মৰাজী আৰু নিকা ভাৱমূৰ্তিৰ প্ৰভাৱ পৰিব নেকি নিৰ্বাচনত

গুৱাহাটীঃসদ্যঘোষিত পাঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত উৎসাহিত হৈ পৰিছে আম আদমি পাৰ্টিৰ অসমৰ কৰ্মকৰ্তা সকল৷ইয়াৰ প্ৰভাৱ আহি থকা পৌৰ নিগমৰ নিৰ্বাচনত পৰাৰ সম্ভাৱনাই দেখা দিছে৷২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজধানী চহৰখনত আম আদমী পাৰ্টিৰ সাংগঠনিক ভেটি সবল হৈ উঠিছে। বিভিন্ন দলৰ পুৰণি ভালেসংখ্যক নেতা-কৰ্মীসহ আন লোকেও দলটোত যোগদান কৰিছে বা দলটোৰ প্ৰতি উৎসাহ প্ৰদৰ্শন কৰিছে।

ৰাজধানী চহৰৰ চুকে কোণে শ শ মানুহে প্ৰতিদিনে দলটোত যোগদান কৰিছে। ৱাৰ্ড পৰ্যায়ত সভাৰ উপৰি চহৰৰ পথ-উপপথত দলীয় বেনাৰ আৰু পোষ্টাৰৰ বানপানী হৈছে।

"হয়। দিল্লী আৰু পঞ্জাৱত আপৰ বিভিন্ন আঁচনি লক্ষ্য কৰাৰ পিছত মই দলটোত যোগদান কৰিছো," উলুবাৰী অঞ্চলৰ অন্তৰা দাসে কয়।

"আমি কংগ্ৰেছৰ বিৰোধিতা কৰি বিজেপিক জিকাইছিলো। কিন্তু কোনো লাভ হোৱা নাই। বিকল্পটো কি,? এই আপ। এইটো সময়ৰ আহ্বান," বতাহঘূলি অঞ্চলৰ নিৰ্মল ডেকাই এইদৰে কয় ৷ আপত যোগদানৰ প্ৰাকমুহূৰ্তলৈ তেওঁ সক্ৰিয় বিজেপি কৰ্মী আছিল।

আপৰ আন এগৰাকী সক্ৰিয় কৰ্মী ৰেণুমা কলিতাই কয়, "দিল্লীৰ চেহেৰা সলনি কৰা অৰবিন্দ কেজৰিৱাল আৰু মণীষ শিশোদিয়াৰ আশীৰ্বাদলৈ আমি জনসাধাৰণৰ ওচৰলৈ যাবলৈ প্ৰস্তুত। আমাৰ দলে পঞ্জাৱত দিল্লীক মডেল হিচাপে লৈ ভাল প্ৰদৰ্শন কৰিছে আৰু এতিয়া গুৱাহাটীৰ পাল। আমি ইতিমধ্যে তিনিচুকীয়া আৰু লখিমপুৰত শেহতীয়ানগৰীয় পৌৰসভা নিৰ্বাচনত ২ খন আসন লাভ কৰিছো।"

আনহাতে, ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, আপে ক্ৰমান্বয়ে কংগ্ৰেছ, অগপ, এজেপি, ৰাইজৰ দলতকৈ অধিক শক্তিশালী হৈ উঠিছে।

দলৰ নেতাসকলে দাবী কৰিছে যে তেওঁলোকে ৰাইজৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে যিয়ে তেওঁলোকক ভাল প্ৰদৰ্শন কৰাত সহায় কৰিব।

উল্লেখ্য যে ৬০ টা জিএমচি ৱাৰ্ডৰ নিৰ্বাচন ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ভোটগণনা ২৪ এপ্ৰিলত হ'ব।