ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ আহিল ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰ৷ সোমবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত গাজিয়াবাদৰ দাঞ্চনা জেলৰ পৰা হাতত এটি এটি বেগ হাতত লৈ ওলাই আহে৷ প্ৰায় চাৰি বছৰৰ মূৰকত জেলৰ পৰা দম্পত্তি হাল ওলাই আহে৷ ৰাজেশ টলৱাৰে চাৰ্ট-পেন্ট আৰু নুপুৰ টলৱাৰে চুৰিডাৰ পিন্ধি ওলাই আহে৷
সোমবাৰে পুৱাৰে পৰা দাঞ্চনা জেলৰ সন্মুখত সাংবাদিকৰ ভিৰ লাগে৷ জেলৰ পৰা ওলাই ৰাজেশ-নুপুৰক যথেষ্ট সহজ-সৰল ৰূপত দেখা গৈছিল৷ তেওলোক যিহেতু পেচাত চিকিৎসক হোৱাৰ বাবে তেওলোকে জেলত থকাৰ সময়তে চিকিৎসা সেৱা আগবঢ়াইছিল৷
তেওলোকে চিকিৎসা সেৱা আগবঢ়াই ৪৯,৫০০ টকাও লাভ কৰে যদিও টলৱাৰ দম্পত্তিয়ে লবলৈ সন্মত নহয়৷ মুকলি কৰি দিয়াৰ সময়ত প্ৰশাসনৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে৷ তেওলোকক সুৰক্ষাও প্ৰদান কৰা হয়৷ দেশ কপোৱা আৰুচি হত্যাকাণ্ডৰ গোচৰৰ পাঁচ বছৰৰ তদন্তৰ অন্তত ন্যায়লয়ে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল পিতৃ-মাতৃক৷ আৰুচিৰ পিতৃ-মাতৃক ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰক যাৱজ্জীৱন কাৰদণ্ড ঘোষণা কৰে৷
গাজিয়াবাদৰ বিশেষ আদালতে পিতৃ-মাতৃক হত্যাকাৰী সজাই এই ৰায় প্ৰদান কৰে৷ ২০১৩ চনৰ ২৫ নৱেম্বৰত এই ৰায় ঘোষণাৰ পিছতে এই ৰায়ক একপক্ষীয় বুলি অভিহিত কৰিছিল নুপুৰ দম্পত্তীয়ে৷ সংবাদ মাধ্যমৰ প্ৰচাৰে ৰায়ক প্ৰভাৱিত কৰা বুলি অভিযোগ উত্থাপন কৰি তেওলোকৰ অধিবক্তাই ৰায়ৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়লয়ত আবেদন কৰাৰ কথা ঘোষণা কৰে৷ সেই সময়ত এই ৰায়ে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷
সুদীৰ্ঘ প্ৰায় চাৰি বছৰৰ অন্তত জেলত দিন কটোৱা নুপুৰ দম্পত্তীক অভিযোগ মুক্ত কৰি কৰি মুকলি দিয়াৰ বাবে ৰায় ঘোষণা কৰে এলাহাবাদ উচ্চ ন্যায়লয়ে৷ চিবিআইৰ বিশেষ আদালতে আৰুচি আৰু হেমৰাজ হত্যাৰ গোচৰৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়লয়ত দোষ মুক্ত হ’ল নুপুৰ দম্পত্তী৷ ২০০৮ বৰ্ষৰ ১৫ মে’ত উত্তৰ প্ৰদেশৰ নয়ডাৰ এটি ফ্লেটৰ কোঠাত চিকিৎসক নুপুৰ টলৱাৰ আৰু ৰাজেশ তলোৱাৰৰ কন্যা আৰুচিৰ মৃতদেহ উদ্ধাৰ হৈছিল৷
তাৰ দুদিন পিছত ফ্লেটৰ ছাদত উদ্ধাৰ হয় ঘৰুৱা বনকৰা লোক হেমৰাজৰ মৃতদেহ৷ কন্যা আৰুচি আৰু কাম কৰা লোক হেমৰাজক অসংযত অৱস্থাত দেখা পায় পিতৃ-মাতৃয়ে হত্যা কৰা বুলি ব্যাপক অভিযোগ উত্থাপন হৈছিল৷ কেৱল ইমানে নহয় পিতৃ ৰাজেশৰ বিবাহবহিৰ্ভূত সম্পৰ্কৰ কথাও অৱগত অৱগত হোৱা বুলি সেই সময়ত ব্যাপক প্ৰচাৰ হৈছিল৷ পৰিয়ালৰ আত্মা সন্মান বচাবলৈ গল্ফ ষ্টিকেৰে কন্যা আৰুচি আৰু হেমৰাজক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷
কন্যা আৰু বনকৰা লোকজনক হত্যা কৰাত পত্নী নুপুৰে স্বামী ৰাজেশক সহায় কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছিল৷ দম্পত্তী হালে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ খণ্ডন কৰি আহিছল যদিও তদানীন্তন মায়াবতী চৰকাৰে চিবিআইক তদন্তৰ নিৰ্দেশ দিয়ে৷ চিবিআইয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ তথা দম্পত্তী হালৰ আচৰনত ঘটনাৰ সৈতে জড়িত বুলি প্ৰকাশ কৰিছিল আদালতত৷ প্ৰায় চাৰি বছৰৰ মূৰকত মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট প্ৰশস্ত হ’ল টলৱাৰ দম্পত্তিৰ৷