তেজপুৰঃ আজি তেজপুৰৰ ঘোঁৰামাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(অাছা)ৰ উদ্যোগত এক বিশাল জনসমাৱেশ অনুষ্ঠিত হৈ যায়।উক্ত সমাৱেশত বড়োসকলৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত বড়োলেণ্ড অঞ্চলত শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্তিত তীব্ৰ বিৰোধীতা কৰা হয়৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(অাছা)ৰ সভাপতি প্ৰদীপ নাগে ২০১৯ ত অসমত অাদিবাসী সকলৰ বাবে সুকীয়া ৰাজনৈতিক দল গঠনৰো হুংকাৰ দিয়ে৷ আছাৰ সভাপতিজনে আৰু কয় যে যদি বড়োসকলৰ বাবে সুকীয়া ৰাজ্য গঠণ হ’ব পাৰে তেনেহ’লে আদিবাসী সকলৰ বাবে সুকীয়া আদিবাসীলেণ্ড কিয় হ’ব নোৱাৰে? তেওঁলোকেও এতিয়া অসমত সুকীয়া আদিবাসীলেণ্ড গঠনৰ দাৱী তুলিব৷ তাৰ বাবে তেওঁলোকে আদিবাসীসকলৰ নিজৰ ৰাজনৈতিক দলো গঠণ কৰিব৷