৫০ ঘণ্টাৰ মূৰকত উদ্ধাৰ হ’ল আছু নেতাৰ মৃতদেহ

Printer-friendly versionSend by email

জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ এগৰাকী আছু নেতা যোৱা ১৪ এপ্ৰিলৰ পৰাই নিৰুদ্দেশ হৈ আছিল যদিও অৱশেষত সোমবাৰে পুৱাই আছু নেতাজনৰ মৃতদেহ উদ্ধাৰ হয়৷ জাগীৰোড আছুৰ ক্ৰীড়া সম্পাদক সুমনজিৎ ডেকাৰ (২২) মৃতদেহ সোমাবাৰে পুৱাই কপিলী নৈত জাগীৰোডৰ বাংঠাই গাঁৱত উদ্ধাৰ হয়৷ পুৱাই একাংশ লোকে নৈ খনত ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ 

জানিব পৰা মতে, গৰু বিহুৰ পুৱাই জাগীৰোড মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ সুমনজিতে কেইবাগৰাকী বন্ধুৰ সৈতে লগলাগি কপিলি নৈত গা ধুবলৈ গৈছিল৷ সমনীয়াৰ সৈতে নৈত নামি স্ফূৰ্তি কৰি গাধুই থকা অৱস্থাত সুমনজিত নৈৰ বুকুত ডুব গৈছিল৷ 

তাৰ পিছতে সমনীয়াই চিঞৰ-বাখৰ কৰাত বহু লোকে নৈৰ পাৰত সমবেত হোৱাৰ লগতে প্ৰশাসনে সুমনজিতক উদ্ধাৰৰ চেষ্টা কৰে যদিও যোৱা ৫০ ঘণ্টা ধৰি বিফল হৈছিল৷ তাৰ পিছতে জাগীৰোডৰ বাংঠাই গাঁৱত উদ্ধাৰ হয় ছাত্ৰ জনৰ মৃতদেহ। আছু নেতা তথা জাগীৰোড মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে জাগীৰোডত৷ ছাত্ৰজনৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে৷