কামপুৰঃ এজন প্ৰতিভাবান Pro কাবাডী খেলুৱৈ । নাম আব্দুল আৰিফ । ঘৰ নগাওঁ জিলাৰ ৰাঙলুত । প্ৰতিভাবান খেলুৱৈজনে সৰ্বভাৰতীয় কাবাডী প্ৰতিযোগিতাত নিৰ্বাচিত হৈছিল Vivo কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে । কিন্তু বৰ্ত্তমানলৈকে উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচিত হোৱা একমাত্র প্ৰতিভাবান কাবাডী খেলুৱৈ জনক কোনো এটা দলেই নীলামত নোলোৱাত চিন্তিত হৈ পৰিছে খেলুৱৈ জন ।

সৰ্বভাৰতীয় কাবাডী প্ৰতিযোগিতাত নিৰ্বাচিত হৈয়ো নীলামৰ পৰা বঞ্চিত হ'ললগা হৈছে প্ৰতিভাবান খেলুৱৈজন । সৰ্বভাৰতীয় Pro কাবাডী সন্থাই নিৰ্বাচন কৰিছিল প্ৰতিভাবান খেলুৱৈ জনক । কিন্তু নিৰ্বাচিত সকলো খেলুৱৈক বিভিন্ন দলেই নীলামত ললে যদিও কোনো এটা দলেই নীলামত নললে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র খেলুৱৈ জনক ।  

ইফালে প্ৰতিভাবান খেলুৱৈ জনৰ আশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি খেলুৱৈ জনক Vivo Pro কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সুযোগ প্ৰদান কৰিব । উল্লেখযোগ্য যে Vivo Pro কাবাডী প্ৰতিযোগিতা ২৮ জুলাইৰ পৰা ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব ।