অভয়াপুৰীঃ ৰাজ্য চৰকাৰে অসম আৰক্ষীক আধুনিকীকৰণৰ বাবে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয় সৰহ সংখ্যক অদক্ষ বিষয়াৰে ভৰি থকা গৃহ বিভাগটোৱে অধিকাংশ অভিযান সফলভাৱে ৰূপায়িত কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈ আহিছে। এনে এটা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।
শিলচৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ সন্ধানহীন জীয়ৰী কণমানি তৃষাক অসম আৰক্ষীয়ে যিমান তৎপৰতাৰে উদ্ধাৰ কৰিলে সেয়া শলাগ ল'বলগীয়া। তাৰ বিপৰীতে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ৩নং ৱাৰ্ডৰ বাসিন্দা শিক্ষক থানেশ্বৰ দাস আৰু পূৰবী সিংহৰ পুত্ৰ তথা শিলচৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰূপজ্যোতিৰ সন্ধানহীন হোৱাৰ প্ৰায় ২৫ দিন উকলি যোৱাৰ পিছতো কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে।
ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী বিভাগ। উল্লেখ্য যে অভয়াপুৰীৰ যুৱক শিলচৰ বিশ্ববিদ্যালয়ৰ ইনফৰমেশ্যন টেকনলজীৰ অষ্টম ষাণ্মাসিকৰ ছাত্ৰ ৰূপজ্যোতি দাস যোৱা ১৯ মে'ৰ পৰাই শিলচৰৰ পৰা সন্ধানহীন অৱস্থাত আছে। যোৱা ১৬ মে'ত ৰূপজ্যোতিৰ পৰীক্ষা শেষ হোৱাত ঘৰলৈ যোৱাৰ কথা আছিল কিন্তু ৰূপজ্যোতিয়ে ঘৰলৈ নহাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ ২১মে'ত পিতৃ-মাতৃ শিলচৰত উপস্থিত হৈ ৰূপজ্যোতি থকা আইৰংমাৰাস্থিত ঘৰটো তলা বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি উদিগ্ন হৈ ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিলচৰ আৰক্ষীক লিখিতভাৱে অৱগত কৰে।
ৰূপজ্যোতিৰ তলা বন্ধ ৰুমতো ভাঙি ৰূপজ্যোতিৰ মাক দেউতাকে ৰুমটোত যুৱকজনৰ লেপটপ, মোবাইল ফোন আৰু মানিবেগ অক্ষত অৱস্থাত প্ৰত্যক্ষ কৰে। এই পৰ্যন্ত আৰক্ষীয়ে ৰূপজ্যোতিৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত দুখত ভাগি পৰিছে ৰূপজ্যোতিৰ দুৰ্ভগীয়া পিতৃ-মাতৃ। ৰূপজ্যোতি সন্ধানহীন হোৱা দিনৰ পৰা আজিলৈকে ঘৰখনত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।
আনহাতে, এই বছৰ ৰূপজ্যোতিয়ে তেওঁৰ বিভাগৰ জমা দিবলগীয়া প্ৰজেক্টৰ কাম অহা বছৰত কৰিব বুলি পিতৃক জনাইছিল আৰু পিতৃয়ে ৰূপজ্যোতিৰ এই কথাত সন্মতি প্ৰকাশ কৰিছিল তৎস্বত্তেও ৰূপজ্যোতিৰ বিভাগৰ মুৰব্বী অধ্যাপকগৰাকীয়ে ৰূপজ্যোতিক এই বছৰতে প্ৰজেক্ট জমা দিবলৈ হেচা প্ৰয়োগ কৰাত যুৱকজন মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰা বুলি ৰূপজ্যোতিৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে।
ৰূপজ্যোতিৰ সন্ধানহীন হোৱাৰ প্ৰায় এমাহ হোৱাৰ পিছতো সন্ধান নোলোৱাত মানসিক ভাৱে ভাঙি পৰা পৰিয়ালটোৱে কোনো সদাশয় ব্যক্তিয়ে যদি ৰূপজ্যোতিৰ কোনো সম্ভেদ পায় তেন্তে ৮৭৬১৯৪৫৯২৯ অথবা ৯৪৩৫৬১৬০৯৩ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অথবা ৰূপজ্যোতি যদি ইচ্ছাকৃতভাৱে কৰবাত আছে তেন্তে পিতৃ-মাতৃৰ মানসিক স্থিতিৰ কথা ভাবি উভতি আহিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনাই ৰূপজ্যোতিৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।