newsnextone.com | অভয়াপুৰীঃ দুই যুৱকৰ হত্যাকাণ্ডই ৰাজ্য উত্তাল কৰি থকাৰ সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্কুলৰ পৰা ঘৰলৈ আহি থকা এগৰাকী কিশোৰীক এজন যুৱকে ৰাজপথত বাট আগচি ধৰি অশ্লীল ব্যৱহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইমানে নহয় সেই ফটো ছচিয়েল মিডিয়াত আপলোড কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷

প্ৰায় ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে চাইকেলেৰে আহি থকা অৱস্থাত হঠাৎ সন্মুখত থিয় দি কিশোৰীক ৰাজপথত ৰখাই অশ্লীল ব্যৱহাৰ কৰে আৰু বন্ধুক সকলো দৃশ্য মোবাইলত আৱদ্ধ কৰিব দিয়ে৷ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত ছাত্ৰীকগৰাকীক তেনে ব্যৱহাৰ কৰাত অভয়াপুৰীৰ কেৰষাবাৰী নামৰ ঠাইৰ ছাত্ৰীগৰাকীয়ে ঘৰত উপস্থিত হৈ পৰিয়ালক এই কথা অৱগত কৰে৷

পৰিয়ালে ততাতৈয়াকৈ কিশোৰীগৰাকীক অশ্লীল ব্যৱহাৰ কৰা ঠাইত উপস্থিত হৈ অভয়াপুৰীৰে শিঙিমাৰী ইছলামপুৰৰ শ্বেখ ফৰিক আলী নামৰ যুৱকজনৰ আৱদ্ধ কৰে৷ পিছত ৰাইজ ওলাই আহি অভয়াপুৰী আৰক্ষী থানাত গতাই দিয়ে শ্বেখ ফৰিক আলীক। কিশোৰীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰে অভয়াপুৰী আৰক্ষী থানাত। নাৰী-কিশোৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীক দাবী জনাই ৰাইজে।