গুৱাহাটীঃ সংখ্যালঘু নেতা লাফিকুল ইছলামক দিন-দুপৰতে কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই আন এজন জনগোষ্ঠীয় নেতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিলে ছ'চিয়েল মিডিয়াযোগে।লাফিকুল হত্যাৰ প্ৰতিবাদত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিজিত অসম নামৰ এটি ফেচবুক একাউণ্টৰ পৰা এবছুৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োক হত্যাৰ ভাবুকি প্ৰদান কৰে।
ইয়াৰ পাছতে জাঙুৰ খাই উঠে জনগোষ্ঠীয় সংগঠনটো তথা বড়ো জনগোষ্ঠী। সংগঠনটোৰ নেতা গৰাকীৰ বিৰুদ্ধে আপত্তিজনত মন্তব্য দিয়াত ক্ষোভিত হৈ পৰ্জিে এবছুৰ নেতা-কৰ্মী৷ আজি এই মন্তব্যৰ বিৰুদ্ধে সংগঠণটোৱে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ফেচবুকত থকা বিজিত অসম নামৰ একাউন্টৰ গৰাকীৰ প্ৰতিকী পুত্তলিকা দাহ কৰে৷
NNO কোকৰাঝাৰঃ ভিন্ন প্ৰান্তৰ লগতে এবছুৰ সভাপতিক হত্যাৰ ভাবুকি প্ৰদান কৰা বিজিত অসম নামৰ ফেচবুকৰ একাউন্টৰ গৰাকীৰ প্ৰতিকী প্ৰতিকৃতি দাহ কৰে এবছুৱে। পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত এবছুৰ কৰ্ম-কৰ্তা সকলে অতি শীঘ্ৰে বিজিত অসম নামৰ ব্যাক্তিগৰাকীক কৰায়ত্ব কৰি শাস্তি বিহিবলৈ দাবী জনাইছে।
NNO ওদালগুৰিঃ ওদালগুৰি জিলাৰ শ্বহীদ বেদী প্ৰাংগণত বিজিত অসমৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এবছুৱে। বিজিত অসম হায় হায়, আমাক ন্যায় লাগে, বিজিত অসমক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদস্থলীত। এবছুৰ উপ-সভাপতি দ্বীপেন বড়োৱে সমগ্ৰ ঘটনাক গৰিহণা প্ৰদান কৰি ভৱিষ্যতে কোনো লোককে এবছুৰ নেতা-কৰ্মীক লৈ এনে কাৰ্য সংঘটিত নকৰিবলৈ সকীয়াই দিয়ে। উল্লেখ্য যে বিগত দুমাহ পূৰ্ৱেও কাশ্যপ তালুকদাৰ নামৰ আন এটা ফেচবুক একাউণ্টৰ পৰাও এনে অশালীন মন্তব্য কৰা বুলি অভিযোগ কৰে সংগঠনটোৱে। বিষয়টো সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলিও জানিবলৈ দিয়ে সংগঠনটোৱে।
NNO গোগামুখঃ গোগামুখৰ মাজমজিয়াত আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সমিতিয়ে বিজিত অসম নামৰ এটি ফেচবুকৰ একাউন্টৰ গৰাকীৰ প্ৰতিকী প্ৰতিকৃতি দাহ কৰে। বিজিত অসম নামৰ এজন অখ্যাত লোকে ফেচবুকত বড়ো জাতিক গালি পৰাৰ লগতে এবছুৰ সভাপতিক মৃত্যু ভাবুকি প্ৰদান কৰাত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ ধেমাজি জিলাৰ এবছুৰ সম্পাদক শিৱৰাম বসুমতাৰীয়ে আৰক্ষীক এই একাউন্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। গোগামুখ চহৰৰ মাজমজিয়াত সংগঠনটোৱে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি বিজিত অসমক শাস্তিৰ দিয়াৰ দাবী জনায় সংগঠনটোৱে। অন্যথাই জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।
NNO খৈৰাবাৰীঃ এবছুৰ সভাপতি প্ৰমোদ বড়োক হত্যা কৰিব লাগে বুলি ফেচবুকত ভাবুকি দিয়াত আজি প্ৰায় তিনি শতাধিক এবছু কৰ্মীয়ে জোঁৰ লৈ সমদল উলিযায় ভেৰগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজিত অসম মুৰ্দাবাদ, বিজিত অসমক ফাঁচি দিয়ক, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে ভেৰগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷
NNO কাজলগাঁওঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো আজি চিৰাং জিলা এবছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। বিজিত অসম নামৰ ফেচবুক একাউন্ট এটাৰ পৰা এবছুৰ সভাপতি প্ৰমোদ বড়োক হত্যা কৰিব লাগে বুলি প্ৰচাৰ চলোৱাত লোকজনক গ্ৰেপ্তাৰ কৰি শাস্তিৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে৷ চিৰাং জিলা এবছুৱে কাজলগাঁও উৰণীয়া সেঁতুৰ সমীপত ৩১নংৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি বিভিন্ন শ্ল‘গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷