কোকৰাঝাৰঃ বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এবছু, এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএমে ৰাজ্যজুৰি প্ৰতাৰনা দিৱস পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত পিকেটিংকাৰীসকলে সমূহীয়া ভাৱে মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

পৃথক বডোলেণ্ড শীঘ্ৰে গঠন কৰা, চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা আৰু কাৰ্বি আংলংত বসবাস কৰা বড়োসকলক অনুসূচীত পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই এবছুৱে।

কোকৰাঝাৰত অনুষ্ঠিত হোৱা প্ৰতাৰণা দিৱসৰ কাৰ্যসূচীত এবছুৰ সভাপতি প্ৰমোদ বড়োই অংশগ্ৰহণ কৰি বিজেপিক ভোট দিয়াটো ভুল আছিল নেকি প্ৰশ্ন উত্থাপনেৰে চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। 

পৃথক বড়োলেণ্ড গঠন নোহোৱা পৰ্যন্ত আন্দোলন তীব্ৰতৰ ৰূপত গঢ়ি তোলা হ’ব বুলি মন্তব্যৰে প্ৰমোদ বড়োই চৰকাৰে অহিংসাৰ ভাষা নুবুজে বুলিও মন্তব্য কৰি অহা ২ মে’ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই। 

তদুপৰি মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰমোদ বড়োই নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মানুহৰ সেৱাৰ কাৰণে, জাতি জনগোষ্ঠীৰ বাবে চিন্তা কৰিব পৰা ক্ষমতা নাথাকিলে ১০০জন মন্ত্ৰী বঢ়ালেও ৰাজ্যত শান্তি ঘূৰি নাহিব বৰং খৰছ হে বাঢ়িব বুলি কটাক্ষ কৰে।