কাজিৰঙাৰঃ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ প্ৰচাৰৰ বাবে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বোকাখাত সমষ্টিলৈ বলিউদৰ মোহময়ী অভিনেত্ৰী নাগমা উপস্থিত হৈ এক ৰেলীত অংশগ্ৰহণ কৰি কয় যে দেশৰ প্ৰধান মন্ত্ৰী মোডী হোৱাৰ পিছত আমাৰ দেশৰ সেনা পূৰ্বতকৈ অধিক শ্বহীদ হব লগা হৈছে । 

জনতাৰ কাৰণে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ আজিও প্ৰতিশ্ৰুতি হৈয়েই ৰল-একোৰে সমাধান কৰিব পৰা নাই । অভিনেত্ৰী নাগমাই কাজিৰঙাত উপস্থিত হৈ সাংবাদিকক আৰু জানিব দিয়ে যে মোডীয়ে জনসাধাৰণৰ সংবিধানৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে । গংগা পৰিস্কাৰ,  বেটি বচাওঁ বেটি পঢ়াৱকে ধৰি এটাও কাম আজিকোপতি সম্পূৰ্ণ কৰিবলৈ সফল হোৱা নাই   ৷ 

ছবি জগতত 'নাগমা' নামেৰে খ্যাত নন্দিতা অৰবিন্দ মুৰাজীয়ে এ আই চি চি ৰ ষ্টাৰ কেম্পেইনাৰ ৰূপে  আজি ৰঙামাটিৰ পৰা কাজিৰঙালৈকে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে৷ অভিনেত্ৰী গৰাকীয়ে এখন খোলা জীপছী গাড়ীত উঠি ৰঙামাটিৰ পৰা কাজিৰঙালৈ ৰোড শ্ব' কৰে ।  এই ৰোড শ্ব’ত নিৰ্বাচনী আয়োগৰ নীতি মতে ২০ খন গাড়ীৰ অনুমতি লাভ কৰিছিল যদিও নিৰ্বাচনী আয়োগৰ নীতিক বুঢ়া-আঙুলি দেখুৱাই সমৰ্থক সকলৰ কেইবা শতাধিক বাহনে এই ৰোড শ্ব’ত ভাগ লোৱা পৰিলক্ষিত হয়। 

কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু  কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বইও এই যাত্ৰাত অংশগ্ৰহণ কৰে। গৌৰৱ গগৈৰ দৰে কাৰ্যদক্ষ যুৱ-নেতাক অসমৰ মুখ্যমন্ত্ৰী পতাৰ বাবে সহযোগ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় অভিনেত্ৰী নাগমাই৷

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সাংবাদিকক জানিব দিয়া মতে  কেব বাতিল কৰাৰ সম্পৰ্কত মাত মতাৰ অধিকাৰ নাই অগপৰ৷ কেবৰ বিৰুদ্ধে ৰাইজক লৈ প্ৰতিবাদ কৰি পুনৰ গাদীৰ আশাত বিজেপিৰ সৈতে মিত্ৰতা কৰি অসমৰ ৰাইজক অপমান কৰিছে অগপই ।  অসমবাসীৰ ওচৰত অগপক ক্ষমা খোজাৰো দাবী জনায়  গৌৰৱ গগৈয়ে ৷