কাজিৰঙাৰঃ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ প্ৰচাৰৰ বাবে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বোকাখাত সমষ্টিলৈ বলিউদৰ মোহময়ী অভিনেত্ৰী নাগমা উপস্থিত হৈ এক ৰেলীত অংশগ্ৰহণ কৰি কয় যে দেশৰ প্ৰধান মন্ত্ৰী মোডী হোৱাৰ পিছত আমাৰ দেশৰ সেনা পূৰ্বতকৈ অধিক শ্বহীদ হব লগা হৈছে ।
জনতাৰ কাৰণে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ আজিও প্ৰতিশ্ৰুতি হৈয়েই ৰল-একোৰে সমাধান কৰিব পৰা নাই । অভিনেত্ৰী নাগমাই কাজিৰঙাত উপস্থিত হৈ সাংবাদিকক আৰু জানিব দিয়ে যে মোডীয়ে জনসাধাৰণৰ সংবিধানৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে । গংগা পৰিস্কাৰ, বেটি বচাওঁ বেটি পঢ়াৱকে ধৰি এটাও কাম আজিকোপতি সম্পূৰ্ণ কৰিবলৈ সফল হোৱা নাই ৷