Home দেশধৰ্মগুৰুৰ বিলাসবহুল বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ, কৰিলে গ্ৰেপ্তাৰ

ধৰ্মগুৰুৰ বিলাসবহুল বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ, কৰিলে গ্ৰেপ্তাৰ

by News Next One
A+A-
Reset

লক্ষ্ণৌঃ ধৰ্মৰ নামত আৰু কোনো ষড়যন্ত্ৰ নচলিব- এই স্পষ্ট বাৰ্তা দি এইবাৰ ধৰ্মগুৰুৰ বিৰুদ্ধে আৰম্ভ হ’ল উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ বুলড’জাৰ নীতি। ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি অহা ধৰ্মান্তৰকৰণ চক্ৰৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে বলৰামপুৰৰ জালালুদ্দিন ওৰফে ‘শ্বাংগুৰ বাবা’ৰ বিলাসী ৰাজপ্ৰসাদ সদৃশ বাসগৃহ ভাঙি পেলায় প্ৰশাসনে।

উল্লেখ্য যে, অভিযুক্ত জালালুদ্দিনে হিন্দু কিশোৰী-যুৱতীক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিবলৈ সংগঠিত গেং গঠন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। বহু যুৱতীক মিছা প্ৰতিশ্ৰুতি আৰু ধনৰ প্ৰস্তাৱ দি ধৰ্মান্তৰিত কৰাৰ অভিযোগত ইতিমধ্যে কেইবাখনো জিলাত এফআইআৰ দাখিল কৰা হৈছে।

এই গোচৰত তেওঁৰ পত্নী নীতু ওৰফে নাছৰিনৰ নামো জড়িত হৈ আছে। উত্তৰ প্ৰদেশৰ এ টি এছে মাধপুৰ (বলৰামপুৰ)ৰ পৰা জালালুদ্দিন আৰু নাছৰিনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে আদালতে তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিছিল, আৰু তেওঁৰ ওপৰত ৫০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।

ইফালে, এই দিনজোৰা অভিযানৰ অন্তত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এটা স্পষ্ট বাৰ্তা দিয়ে যে ধৰ্মৰ আৱৰণত ৰাষ্ট্ৰবিৰোধী কামত জড়িতসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “ধর্মৰ নামত ষড়যন্ত্র কৰাটো সহ্য কৰা নহ’ব। আইনে নিজস্ব গতি ল’ব। অপৰাধীয়ে অপৰাধমূলক গোচৰৰ সন্মুখীন হ’ব লাগিব, তেওঁলোকৰ সম্পত্তি জব্দ কৰাৰ পৰা আৰম্ভ কৰি সকলো আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।”

ৰাজ্যিক মন্ত্ৰী সঞ্জয় নিশাদেও কয়, “গণতন্ত্ৰত অবৈধ কাম-কাজ সহ্য কৰিব নোৱাৰি। পূৰ্বৰ চৰকাৰে এনে লোকক সুৰক্ষা দিছিল, কিন্তু এই প্ৰশাসনে নিদিয়ে। ধৰ্মই জীৱনক পথ প্ৰদৰ্শন কৰে, আৰু ইয়াক ব্যৱহাৰ কৰি প্ৰৱঞ্চনা মানি ল’ব নোৱাৰি।

শ্বাংগুৰ বাবাৰ দৰে মানুহে ধৰ্মক কলংকিত কৰিছে।” ইফালে ৰাজ্যৰ মন্ত্ৰী অনিল ৰাজভৰে অধিক বিস্ফোৰক দাবী উত্থাপন কৰে। তেওঁ কয়, “সেই চক্ৰটোৰ একাউণ্টত ১০০ কোটিতকৈ অধিক টকা পোৱা গৈছে। এই নেটৱৰ্কৰ কমেও ৪০খন দেশৰ সৈতে লিংক আছে।

প্ৰতিটো ধৰ্মান্তৰকৰণৰ বাবে লাখ লাখ টকা খৰচ কৰা হৈছিল। এতিয়ালৈকে এই চক্ৰটোৰ ১৮ জন লোকক চিনাক্ত কৰা হৈছে। আনকি মহাৰাষ্ট্ৰৰ এজন প্ৰাক্তন মন্ত্ৰীৰ নামো আহিছে। যিসকল ভাৰতৰ, এই দেশৰ খাদ্য খাই এই দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, তেওঁলোকৰ বাবে কোনো ক্ষমা নাই।”

ৰাজ্য প্ৰশাসনৰ মতে এয়া কেৱল ধৰ্মান্তৰকৰণৰ চক্ৰ নহয়, সামাজিক মৰ্যাদা আৰু ঐক্যৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ। এই চক্ৰটোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ অভিযোগত তদন্ত আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব বুলিও আৰক্ষীৰ পৰাও ইংগিত পোৱা গৈছে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0