newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে প্ৰণৱ মুখাৰ্জীৰ আৰএছএছৰ মুখ্য কাৰ্যালয়লৰ অনুষ্ঠানলৈ যোৱাৰ সিদ্ধান্ত ভাষণৰ প্ৰশংসা কৰে৷ আদৱানীয়ে কয়, ‘প্ৰণৱ মুখাৰ্জীয়ে ভাৰতীয় ৰাষ্ট্ৰবাদৰ মহান বিচাৰধাৰা আৰু আদৰ্শৰ প্ৰকাশ কৰিছে৷ তেওঁৰ আৰএছএছৰ মুখ্যকাৰ্যালয়লৈ যোৱাৰ সিদ্ধান্ত আমাৰ দেশৰ সমকালীন ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিচিত হৈছে৷’ 

আদৱানীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক নিমন্ত্ৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বাবে আৰএছএছৰ প্ৰধান মোহন ভাগৱতৰো প্ৰশংসা কৰে৷ তদুপৰি নিমন্ত্ৰণ স্বীকাৰ কৰি অনুষ্ঠানত উপস্থিত হোৱা কাৰণে তেওঁ প্ৰণৱ মুখাৰ্জীক প্ৰশংসা আৰু ধন্যবাদ জনায়৷ 

তেওঁ কয় যে মোহন ভাগৱত আৰু প্ৰণৱ মুখাৰ্জীয়ে অনুষ্ঠানত যি বিচাৰ ধাৰাৰে মিলিত হৈছে, ইয়ে দুয়োৰ মাজৰ সামাঞ্জস্য আৰু সম্প্ৰীতিৰ মুক্ত প্ৰকাশ কৰিছে৷ 

নিজেও আজীৱন স্বয়ংসেৱক হিচাৰে পৰিচিত আদৱানীয়ে কয় যে মুখাৰ্জী আৰু ভাগৱতে বিচাৰধাৰাৰ মতানৈক্য আৰু সমালোচনাক নেওচি সৌহাৰ্দ্যপূৰ্ণ কথপোকথনৰ উল্লেখনীয় উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে৷

আদৱানীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আৰএছএছ প্ৰধান দুয়োগৰাকীয়ে ভাৰতৰ একতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ তেওঁলোকে ভাৰতৰ সংবিধানক স্বীকাৰ কৰিছে আৰু দুয়োৰে নীতি আদৰ্শক সন্মান জনাইছে৷ য’ত পৃথক পৃথক মত আৰু সম্প্ৰদায়ো জৰিত হৈ আছে৷ 

আদৱানীয়ে প্ৰণৱ মুখাৰ্জীৰ সৈতে থকা তেওঁৰ দীৰ্ঘকালীন সম্বন্ধও স্মৰণ কৰে৷ বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে প্ৰণৱ মুখাৰ্জীক প্ৰশংসাৰে উপচাই কয় যে প্ৰণৱ মুখাৰ্জীয়ে এক দীঘলীয়া সময় ধৰি নিজকে জনমানসত এজন এনে নেতা হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে, যিয়ে বেলেগ বেলেগ ৰাজনৈতিক বিচাৰধাৰাৰ মানুহৰ মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷