তালিবানৰ সমৰ্থনত পোষ্ট নকৰিব

ব্যৱস্থা গ্ৰহণ কৰিব ফেচবুক কৰ্তৃপক্ষই

ডিজিটেল ডেস্ক,১৯ আগষ্টঃ আফগানিস্তান তালিবানৰ অধীনলৈ যোৱাৰ লগে লগেই সমগ্ৰ বিশ্বতেই তুমুল চৰ্চা চলিছে তালিবানৰ শাসন পদ্ধতি আৰু আফগান নাগৰিকৰ ভৱিষ্যতৰ প্ৰসংগত৷ইয়াৰ মাজতেই তালিবানক সমালোচনা আৰু নিষিদ্ধ ঘোষণা কৰিছে বহু ৰাষ্ট্ৰই৷আন কিছুসংখ্যক লোক আৰু সংগঠনে সামাজিক মাধ্যমযোগে তালিবানক আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰাওঁ পৰিলক্ষিত হৈছে৷সেইবাবেই ফেচবুক কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে।আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে ফেচবুক কৰ্তৃপক্ষই। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে।

উল্লেখযোগ্য যে আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপত বিগত ২০ বছৰ ধৰি দেশখনত নির্বাচিত প্রতিনিধিৰ চৰকাৰ বাহাল থকাৰ মাজতে আমেৰিকাই নিজৰ সেনা প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে উজ্জীৱিত তালিবানে নিজৰ শক্তি প্রদর্শনেৰে ইখন প্রদেশৰ পৰা সিখন প্রদেশ দখল কৰাৰ অন্তত যোৱা দেওবাৰে নিশা ৰাজধানী কাবুল দখল কৰে৷

ফলত এতিয়া তালিবানীৰ আতংকত কঁপিছে আফগানিস্তান। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এখনৰ পাছত আন এখন অতি দুখলগাা ছবি ভাইৰেল হৈ পৰিছে। য’ত দেশখনৰ কঠিন পৰিস্থিতি আৰু মানুহৰ অৱৰ্ণনীয় ছবিবোৰে সকলোকে কম্পিত কৰিছে।

এই পৰিস্থিতিত ফেচবুকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে তালিবান আৰু তেওঁলোকৰ দ্বাৰা কৰা সকলো পোষ্ট বিলোপ কৰাৰ সিদ্ধান্ত লৈছে। তালিবানে যিকোনো বাৰ্তা প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰে।আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতেই পৰে৷ সেই দিশবোৰৰ কথা বিবেচনা কৰি, ফেচবুকে তালিবানক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি যিবোৰ প্ৰফাইলৰ পৰা তালিবানৰ বাৰ্তা প্ৰচাৰ কৰা হয়, সেইবোৰ নিষিদ্ধ ঘোষণা কৰি অৱৰোধ কৰা হ’ব। ফেচবুকত এতিয়ালৈকে তালিবানৰ সমৰ্থনত কৰা সকলো পোষ্ট বিলোপ কৰা হ’ব। যদি নতুনকৈ কিবা পোষ্ট কৰা হয়, তেন্তে তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণীও ফেচবুকৰ তৰফৰ পৰা দিয়া হৈছে।