Home বিশ্বৰক্তাক্ত আফগান নিৰ্বাচনত বিস্ফোৰণে উৰুৱালে ১১ জনক

ৰক্তাক্ত আফগান নিৰ্বাচনত বিস্ফোৰণে উৰুৱালে ১১ জনক

by News Desk
A+A-
Reset
Bomb-Blast

ডিজিটেল ডেক্সঃ যুদ্ধজৰ্জৰ আফগানিস্তানত শনিবাৰে অনুষ্ঠিত সংসদীয় নিৰ্বাচনীৰ সময়ছোৱাত সংঘটিত হয় ধাৰাবাহিক বিস্ফোৰণ আৰু গুলীয়াগুলীৰ ঘটনা৷
দেওবাৰেও অব্যাহত আছে এই হিংসা৷ আজি পুৱা দেশখনত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত নিহত হয় ১১ জন লোক৷ পূব প্ৰান্তীয় নংগাৰহৰ নামৰ ঠাইখনত বাটৰ কাষত ৰাখি থোৱা এটা বোমা বিস্ফাৰিত হোৱাত ১১ জন লোক থিতাতে নিহত হোৱাৰ লগতে বহু সংখ্যক লোক আহত হয়৷ তালিবানে এই নিৰ্বাচন বহিষ্কাৰ কৰাৰ লগতে জনসাধাৰণকো ভোটদানৰপৰা আঁতৰত থাকিবলৈ ফটোৱা জাৰি কৰিছিল৷ এনে ভাবুকিৰ বাবে দেশখনৰ কেতবোৰ ভোটদান কেন্দ্ৰত কালি ভোটগ্ৰহণ কৰিব পৰা নগ’ল আৰু একাংশ কেন্দ্ৰত পলমকৈ ভোটগ্ৰহণ কৰা হয়৷ সুৰক্ষা বাহিনীৰ কঠোৰ পহৰাৰ মাজতো তালিবানে বিস্ফোৰণ আৰু গুলীচালনা কৰি নিৰ্বাচনী কাৰ্যত বাধা প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0