ডিজিটেল ডেস্কঃ  আফগানিস্তানৰ অন্যতম বৃহৎ বেচৰকাৰী সংবাদমাধ্যম সংস্থা ‘চামছাদ টিভি চেনেল’ৰ কাৰ্যালয়ত মঙলবাৰে পুৱা সন্ত্রাসবাদীয়ে আক্ৰমণ চলায়। স্থানীয় সময়মতে পুৱা ১১বজাত ২ জন সশস্ত্র সন্ত্রাসবাদীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলী চালনা কৰে। বৰ্তমানলৈকে হতাহতিৰ কোনো খবৰ পোৱা হোৱা নাই৷ পুৱা কাৰ্যালয়ত বেছিভাগ সাংবাদিক-কর্মী উপস্থিত আছিল। যাৰ ফলত আহতৰ সংখ্যা বেছি হ’ব বুলি ধাৰণা কৰিছে প্ৰশাসনে৷

সন্ত্রাসবাদী দুজনৰ মাজত এজন নিৰাপত্তাৰক্ষীৰ গুলীত থিতাতে নিহত হয়। আনজন কাৰ্যালয়ৰ ভিতৰত বৰ্তমানেও আছে বুলি খবৰ প্ৰচাৰ হৈছে৷ অবিৰত ভাৱে এটাৰ পিছত এটা গ্রেনেড বিস্ফোৰণো কৰে উগ্ৰপন্থী দুজনে৷ ভিতৰৰ প্ৰতিচ্ছবি এতিয়ালৈ পোহৰলৈ অহা নাই। চেনেলটোৰ অনুষ্ঠান সম্প্ৰচাৰ হোৱা নাই। 

আফগানিস্তানত সংবাদমাধ্যমৰ কর্মীৰ ওপৰত আক্ৰমণ এইয়ে প্ৰথম নহয়৷ ২০১৬ চনত এক আত্মঘাতী আক্ৰমণত আফগানিস্তানৰ বৃহৎ বেচৰকাৰী টিভি চেনেল ‘টোলো নিউজ’ৰ ৭ জন সাংবাদিক নিহত হৈছিল। সেই আক্ৰমণ সংঘটিত কৰিছিল তালিবানে। কিন্তু এইবাৰৰ আক্ৰমণ তালিবানে কৰা নাই বুলি এক বিবৃতি যোগে স্পষ্ট কৰে।