newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ বৰ্বৰ আক্ৰমণ কাণ্ড সংঘটিত কৰিলে তালিবানে৷ আফগানিস্তানৰ পশ্চিম প্ৰান্তত বৰ্বৰ আক্ৰমণত ১৬গৰাকী আৰক্ষী বিষয়া নিহত হয়৷ দুগৰাকী সাধাৰণ নাগৰিকৰ প্ৰাণ যায়৷ বাগদিচেৰ জিলা প্ৰশাসনে ১৬গৰাকী আৰক্ষীৰ বিষয়াৰ মৃত্যু খবৰ নিশ্চিত কৰে৷

এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিব যোৱাৰ সময়তে আন এটি বোমা বিস্ফোৰণ সংঘটিত হৈ দুগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হয়৷ আহত হয় বহু লোক৷

জানিব পৰা মতে, আফগানিস্তানৰ বাগদিচেৰাৰ সেনাৰ ঘাটিত বুধবাৰেও সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ কৰাত নিহত হৈছিল ৩০গৰাকী লোক৷ আফগান সেনাই প্ৰত্যুত্তৰ দিয়াত ১৬গৰাকী তালিবানৰ কেডাৰৰ মৃত্যু হৈছিল৷ আনহাতে কান্দাহাৰৰ পৰা ১৩গৰাকী অভিযন্তাক অপহৰণ কৰাৰ খবৰ আহিছে৷ আনহাতে যোৱা দুটা দিনত ২০ নিৰাপত্তাৰক্ষী নিহত হৈছে৷ এই সকলো নিৰাপত্তাৰক্ষী আৰু অভিযন্তাই পথ নিৰ্মাণৰ তদাৰক কৰি আছিল৷ উদ্ধাৰ অভিযানত এতিয়ালৈ চাৰিগৰাকী সন্ত্ৰাসবাদী নিহত হয়৷