newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত এইবাৰ ক্ৰিকেট ষ্টেডেমিয়াত আক্ৰমণ কৰিলে সন্ত্ৰাসবাদীয়ে৷ আফগানিস্তানৰ ননাগৰহেৰ জালালাবাদত এই আক্ৰমণত ৮ গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে ৪৫গৰাকী লোক৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷
ননাগৰহেৰ প্ৰদেশৰ ৰাজ্যপালৰ মুখপাত্ৰই সংবাদমাধ্যমক দিয়া ভাষ্য মতে, শুকুৰবাৰৰ নিশা ক্ৰিকেট ষ্টেডিয়ামত ‘ৰমজান কাপ’ ক্ৰিকেট প্ৰতিযোগিতা চলি আছিল৷ স্থানীয় দুটা ক্ৰিকেট দলে খেলি থকাৰ মাজতে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়৷