যিখন ৰাষ্ট্ৰীয় পতাকাৰ তলত তেওঁলোক থিয় দিয়ে, সেয়া এতিয়া এখন দেশৰ গণতন্ত্ৰৰ অন্তিম প্ৰতীক। প্ৰতিখন খেলৰ আৰম্ভণিতে যিটো ৰাষ্ট্ৰীয় সংগীতৰ বাবে তেওঁলোকে মৌন হৈ ৰৈ থাকে, সেয়া এতিয়া কেৱল দুবছৰ পূৰ্বৰ গণতান্ত্ৰিক দেশখনৰ ধূসৰ স্মৃতি! কোৱা হয়, এই দেশখনৰ নাগৰিকৰ বাবে এতিয়া এটাই সুখ- ক্ৰিকেট। দেশখনৰ সুঠাম দেহৰ যুৱকৰ দল এটা যেতিয়া ক্ৰিকেটৰ পথাৰত নামে, তেতিয়া উল্লাসৰ সোঁত বয় দেশখনৰ প্ৰতিটো গলি আৰু ৰাজপথত। মানুহে সেই সময়খিনি উদযাপন কৰে, ক্ৰিকেট দলৰ প্ৰতিজন খেলুৱৈৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগে।
সেয়াই আফগানিস্তান! দুটা দশক আমেৰিকা তথা নাটো বাহিনীৰ হস্তক্ষেপত গণতন্ত্ৰৰ সৈতে চিনাকি হোৱাৰ অন্তত দুবছৰ পূৰ্বে তালিবানে দখল কৰা আফগানিস্তানৰ প্ৰতিটো চুকে-কোণে এতিয়া প্ৰগতিশীল সৰ্বসাধাৰণৰ মনত বিৰাজ কৰিছে ক্ষোভ আৰু হতাশাই। প্ৰবল ভূঁইকঁপে ঢাহি মুহি নিয়া দেশখনৰ বৰ্তমান সময়ত প্ৰতি ১০ গৰাকী ব্যক্তিৰ ভিতৰত ৯ জনেই জীৱন পাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰতাৰ মাজত। নাই নিজৰ মতে কিবা কৰাৰ অধিকাৰ, নাই উপাৰ্জনৰ নতুন বাট।