file photo
file photo

newsnextone.com | গুৱাহাটীঃ নেৰেনেপেৰা বৰষুণৰ ফলত পুনৰ বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহ ফেনে ফোটোকাৰ বাঢ়ি অহাত কেইবাখনো জিলাত ন ন অঞ্চলৰ প্লাবিত হয়৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকা বুলি জানিব পৰা গৈছে৷

ফলত ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলৰ কিছু কিছু অঞ্চল বানৰ কৱলত পৰে৷ পুনৰ আতংকিত হৈ পৰিছে ৰাইজ৷ একেৰাহে বৰষুণ দি থকাৰ ফলত ক্ৰমান্বয়ে জিলা কেইখনত বহি গাঁও ডুব যাব ধৰিছে৷ অহা ২৪ ঘণ্টাত এনেদৰে বৰষুণ দি থকালে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷

ইতিমধ্যে জিলা সমূহৰ প্ৰশাসন সতৰ্ক হৈ থকা বুলি জানিব পৰা গৈছে৷ শেহতীয়াকৈ ৰাজ্যত হৈ যোৱা বানত বৰাক উপত্যকা, হোজাই জিলাত ৩২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ কেইবা হাজাৰ লোক গৃহহাৰা হোৱাৰ লগতে অস্থায়ী শিবিৰত থাকিব লগা হৈছে৷ 

ইপিনে দেওবাৰৰ নিশাৰ পৰা ৰাজ্যত বৰষুণ দিয়াৰ আগজানানী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ নিশাৰে পৰা ৫০ ঘণ্টা পৰ্যন্ত বৰষুণ দিয়া আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।