52
গুৱাহাটীঃ পুনৰ লগ লাগিল আঞ্চলিকতাবাদী অসম গণ পৰিষদ আৰু ৰাষ্ট্ৰীয়তাবাদী ভাৰতীয় জনতা পাৰ্টী৷
কেইবাদিনৰ ৰাজনৈতিক উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে নিশা ঘোষণা হ’ল দল দুটাৰ মাজৰ মিত্ৰতাৰ৷ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ সনা-পিটিকা অসমীয়া জাতিৰ বাবে কিমান মংগলজনক এই বিতৰ্কৰ মাজতে যোৱা কিছুদিন দুয়ো দলৰ মাজত ‘মিত্ৰতা হ’ব’ নে ‘মিত্ৰতা নহয়’ এই লৈ ওলাইছিল অনেক বাতৰি৷