ধেমাজীঃ বিজেপি-অগপৰ মিত্ৰতাত আউল লগাই ধেমাজি জিলা অগপই উপ নিৰ্বাচনত থিয় কৰাব প্ৰাৰ্থী। আজি এক সংবাদ মেলযোগে অাওপকীয়াকৈ ঘোষণা কৰিলে ধেমাজি জিলা অগপই। আগন্তুক ধেমাজি সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতাৰ বৃদ্ধি পাইছে ধেমাজি জিলা অগপ দলৰ। কাৰণ সৰ্বানন্দ সোণোৱালে অগপক ধেমাজিৰ আসনখন এৰি দিবনে নাই এই বিষয়ে এতিয়াও নিশ্চিত হ’ব পৰা নাই দলটো।
এই বিষয়টোক লৈ আজি দিনৰ ২ বজাত অগপ জিলা সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। এই সংবাদ মেলত ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনছোৱাই ধেমাজি সমষ্টিৰ টিকতটোৰ অসম গণ পৰিষদ দলক দিবৰ বাবে দাবী জনায়।