বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে জিলাখনৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় ভূমিকাৰে আত্মপ্ৰকাশ কৰিছে৷
পাহাৰীয়া ৰাজনীতিত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আজি ডিফু চহৰত আঞ্চলিক দলটোৰ জিলা কাৰ্যালয়ৰ শুভাৰম্ভ কৰে৷ এই উদ্দেশ্য দলৰ জিলা সভাপতি ছেমছিং ক্ৰ’ই পতাকা উত্তোলন, সম্পাদক বাবু ক্ৰ’ই শ্বহীদ তৰ্পণ আৰু ছেমছিং হাঞ্চেই কাৰ্যালয় উদ্ধোধন কৰাৰ লগতে জিলা সভাপতিগৰাকীৰ পৌৰহিত্যত কাৰ্যালয় প্ৰাংগণত এখনি সভাও অনুষ্ঠিত হয় ৷