photo by Prandeep Chetia, NNO Karbi Anglong
photo by Prandeep Chetia, NNO Karbi Anglong

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে জিলাখনৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় ভূমিকাৰে আত্মপ্ৰকাশ কৰিছে৷

পাহাৰীয়া ৰাজনীতিত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আজি ডিফু চহৰত আঞ্চলিক দলটোৰ জিলা কাৰ্যালয়ৰ শুভাৰম্ভ কৰে৷ এই উদ্দেশ্য দলৰ জিলা সভাপতি ছেমছিং ক্ৰ'ই পতাকা উত্তোলন, সম্পাদক বাবু ক্ৰ'ই শ্বহীদ তৰ্পণ আৰু ছেমছিং হাঞ্চেই কাৰ্যালয় উদ্ধোধন কৰাৰ লগতে জিলা সভাপতিগৰাকীৰ পৌৰহিত্যত কাৰ্যালয় প্ৰাংগণত এখনি সভাও অনুষ্ঠিত হয় ৷

অগপই জিলাখনত শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে বুলি সভাত সভাপতিগৰাকীয়ে মন্তব্য কৰাৰ লগতে পাহাৰীয়া ৰাজনীতিত অগপৰ উপস্থিতিয়ে ইতিবাচক প্ৰভাৱ পেলাব বুলি কয় ৷

আগন্তুক পৰিষদীয় নিৰ্বাচনত দলৰ উৰ্দ্ধতন কৰ্তৃপক্ষই বিজেপিৰ লগত মিত্ৰতা কৰিলে দলে আঠখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু মিত্ৰতা নাৰাখিলে দলে জিলাখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব বুলিও জিলা সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।