খেৰণিঃ অসম গণ পৰিষদৰ আচ্ছে দিন আহিব নেকি৷ বিজেপিৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰ চলাই থকা আঞ্চলিক দলটোৱে কাৰ্বি পৰিষদীয় নিৰ্বাচনত অকলে নিৰ্বাচনত নামি ব্যাপক প্ৰচাৰ চলাই গৈছে৷
কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাখনৰ নিৰ্বাচনীৰ গৰম বতাহ চলিছে৷ বিভিন্ন ৰাজনৈতিক দলৰ হেভিৱেট নেতা কৰ্মী, মন্ত্ৰী-বিধায়কে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে আঞ্চলিক দল অসম গণ পৰিষদ পিছ পৰি থকা নাই৷ আজি ৭ নং কপিলি পৰিষদীয় সমষ্টিত উপস্থিত হয় অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড০ কমলা কলিতা৷