ৰঙিয়াঃ প্ৰাক্তন শিক্ষা মন্ত্ৰী অগপৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োক ওভতাই আনিব দলৰ মজিয়ালৈ৷ আজি ৰঙিয়া চহৰৰ সমীপৰ বৈদ্যগড়ত অনুষ্ঠিত ৰঙিয়া জিলা অগপৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত সভাখনত জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ প্ৰায় ডেৰ শতাধিক বিষয়ববীয়া উপস্থিত আছিল।
অগপ ৰঙিয়া জিলা সমিতিৰ সভাপতি দেৱেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা ৰঙিয়া সমষ্টি সমিতিৰ সম্পাদক ধ্ৰুৱ শৰ্মা, জিলা সমিতিৰ সম্পাদক নাজিমুদ্দিন আহমেদ, সুৰেন ডেকা, ৰঙিয়া পৌৰ সভাৰ সভানেত্ৰী দৈৱকী বড়ো উপস্থিত থাকে।