newsnextone.com | বিলাসীপাৰাঃ নামনি অসমত অগপ দলক শক্তিশালী কৰাৰ লক্ষ্যৰে নামি পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী৷ যোৱা কেইবাটাও দিনত বিলাসীপাৰা, ধুবুৰী, উত্তৰ শালমাৰা আদি জিলাৰ বিভিন্ন ঠাইত দলীয় সভা-সমিতিত অংশ লৈ নেতাগৰাকীয়ে পূৰ্বৰ অগপ দলৰ নেতা তথা যুৱ কৰ্মী আৰু বিভিন্ন জিলা সমিতি, আঞ্চলিক সমিতিক সাক্ষাৎ কৰিছে৷   

অগপৰ একাংশ নেতাই বহু বছৰ ধৰি দলৰ পৰা দুৰত থাকি নিষ্ক্ৰিয় হৈ আছিল৷ সেই সকল নেতাক পুনৰ দলৰ মজিয়ালৈ আনি পুনৰ দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে৷ বিশষকৈ সংখ্যালঘূ এলেকাত অগপই খোপনি পোতা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছ আৰু ইউডিএফক প্ৰত্যাহ্বান জনাই অগপ দলে হোজাই, বৰপেটা, ধুবুৰী, উত্তৰ শালমাৰা আদি ঠাইত নিতৌ সভা-সমিতি অনুষ্ঠিত কৰি গৈছে৷

পঞ্চায়ত নিৰ্বাচন আৰু পৰৱৰ্তী বিধানসভা নিৰ্বাচনত অগপই ভাল ফলাফল কৰাৰ স্বাৰ্থতে সভা-সমিতি অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, কংগ্ৰেছ, বিজেপি আৰু ইউডিএফৰ ভোট বেংক নষ্ট কৰি অগপই এইবেলি সংখ্যালঘূ ভোট কব্জা কৰিব খোজে৷ বিজেপিৰ বিৰুদ্ধে সংখ্যালঘূ লোক শংকিত বুলি আৰু ইউডিএফ আৰু কংগ্ৰেছে বিভিন্ন ক্ষেত্ৰত সংখ্যালঘূ লোকক বঞ্চনা কৰা বুলি প্ৰচাৰ হৈ অহাৰ সময়তে ইয়াৰ পূৰ্ণ সুবিধা লৈছে অগপ দলে৷  

বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হৈ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে আগপ নেতা-কৰ্মীক সাক্ষাৎ কৰে৷ বিলাসীপাৰা আৱৰ্ত ভৱনত অগপ কৰ্মীৰ সৈতে সংগঠনক শক্তিশালী কৰাৰ উদ্দেশ্যে মত-বিনিময় কৰে। অগপ কৰ্মীৰ সৈতে মত বিনিময় কৰি আগন্তুক পঞ্চায়ত আৰু ২০২১ত বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিত অগপ দলৰ প্ৰাৰ্থীক জিকাই অনাৰ বাবে প্ৰতিজ্ঞা বদ্ধ বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে অগপ দল অসমত শক্তিশালী হৈ আছে অনাগত দিনত আৰু অধিক শক্তিশালী হ’ব বুলি কয়৷ বৰ্তমান অগপ দল ষ্ট্ৰং হৈছে আৰু অসমীয়া জাতিৰ বিপৰীতে এক বিন্দুও কেতিয়াও নাযায়। বিজেপি, কংগ্ৰেছ, ইউডিএফতকৈ আমাৰ অগপ বহুত ভাল৷ এই কথা অসমৰ ৰাইজে বুজি পাইছে। আগন্তুক ২০২১ত আমাৰ অগপ দলৰ চৰকাৰ গঠন কৰিব বুলি অগপ কৰ্মীসকলে খোদ খাতাং কৰিছে বুলি কয় মন্ত্ৰী ফণীয়ে৷