newsnextone.com | গুৱাহাটীঃ আঞ্চলিক দল অগপৰ এটি প্ৰতিনিধি দল মঙলবাৰে নতুন দিল্লীত উপস্থিত হয়৷ অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা ১১ জুনত অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰি পুনৰ দিল্লীলৈ উৰা মাৰে অগপৰ বিধায়িনী দলে৷

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামীয়ে, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পবীন্দ্ৰ ডেকা, ৰেণুপমা ৰাজখোৱা, উৎপল দত্ত, ভবেন ভঁৰালী, সত্যব্ৰত কলিতা আৰু নৰেন সোণোৱালৰ উপস্থিতিত নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰেষ মঙলবাৰে প্ৰথমে প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক অগপই মানি নোলোৱাৰ কথা কোৱাৰ লগতে অসমৰ ৰাইজে এই বিধেয়ক মানি নলয় আৰু শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷

মঙলবাৰে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰাৰ অন্তত বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি সাক্ষাৎ কৰে অগপৰ দলটোৱে৷ অসমৰ ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিবলৈ ৰাষ্ট্ৰীপতিক আবেদন জনায়৷ ৰাষ্ট্ৰপতিৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিধেয়ক খনে অসমৰ ভাষা, সংস্কৃতি, জনগাঁথনিত কু-প্ৰভাৱ পেলাই অসমীয়াৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব বুলি অৱগত কৰে ৰাষ্ট্ৰপতিক৷ 

আনহাতে অগপই মঙলবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি গৃহমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ সৈতে আলাপ-আলোচনা নকৰাকৈ এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি কোৱা বুলি কয়৷ অসমৰ পৰা নতুন দিল্লীলৈ যোৱা অগপৰ প্ৰতিনিধি দলটোৰ আগত এই কথা প্ৰকাশ কৰা বুলি কয় অগপই৷

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কোনো পদক্ষেপ লোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ সৈতে আলাপ-আলোচনা কৰাৰ লগতে অসমৰ ৰাইজক আস্থাত লৈহে কেন্দ্ৰই আগবাঢ়িব বুলি প্ৰতিশ্ৰুতি দিছে বুলি অৱগত কৰিছিল৷ 

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ ক্ষতি হ’ব পৰা তথা আবেগ-অনুভূতিত আঘাট হানিব পৰা কোনো কাম নকৰে বুলি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী জনে৷ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠকৰ অন্তত অগপ দল সন্তুষ্ট নে বুলি সোধাত আমি দেখিলেহে লেখিম বুলি কয় বৰাই৷ চৰকাৰে বিধেয়ক খনৰ ওপৰত কি সিদ্ধান্ত লয় সেয়া আমি লক্ষ্য কৰিম আৰু লক্ষ্য কৰি আছো বুলি কয় সময়লৈ অপেক্ষা কৰিম বুলি কয় বৰাই৷ 

আনহাতে কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে অসম চুক্তি খৰ্ব কৰিব পৰা কোনো কোনো সিদ্ধান্তই মানি নলওঁ বুলি স্পষ্ট কৰে৷ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিলে ভাৰতীয় সংবিধান খনকে উলংঘা কৰা হ’ব বুলি কয়৷