দিল্লীঃ মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে বিজেপিৰ সহযোগী তথা অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ ৰাজ্যত ক্ৰমান্বয়ে পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰাৰ সময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ বাবে দিল্লীত উপস্থিত হয় এই দুই অগপ নেতা৷

সোমবাৰে মহানগৰীৰ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত জিলা আৰু আঞ্চলিক সমিতিসমূহে অগপই পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ পোষকতা কৰাৰ এদিন পিছতেই দিল্লীত উপস্থিত হয় অগপ নেতা অতুল বৰা আৰু কেশৱ মহন্তই   

নতুন দিল্লীত উপস্থিত হৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্‍ কৰি নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি পুনৰ স্পষ্ট কৰে৷ সাক্ষাতকালত নাগৰিকত্ব সংশোধনী বিধেয়ক অসম চুক্তি বিৰোধী বুলি কোৱাৰ লগতে অগপ দলে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে বুলি জানিব পৰা গৈছে৷ 

খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ইণ্ডো-বাংলা সীমান্ত ছীল কৰা, অসম চুক্তিৰ ৰূপায়ন কৰাৰ দাবী জনায়। শীঘ্ৰে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অগপৰ মাজত এখন বৈঠকৰ আয়োজন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় বুলিও জানিব পৰা যায়।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় মোডীক। আনহাতে অগপই উত্থাপিত সমস্যাসমূহ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলিও জনা যায়৷