কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ লাল বাহাদুৰ ছেত্ৰী (৫৮)নামৰ লোক এজনক বনৰীয়া হাতীয়ে গছকি হত্যা কৰাৰ চাৰি দিন অতিক্ৰম কৰাৰ পিছতো বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কোনো খা-খবৰ নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে৷

আজি এক প্ৰেছ বিবৃতিযোগে আগছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰাজু ছেত্ৰী আৰু সাধাৰণ সম্পাদক কিৰণ ছেত্ৰীয়ে জনোৱা মতে যোৱা ২১ মে'ৰ নিশা সৰলপাৰাৰ বাসিন্দা লাল বাহাদুৰ ছেত্ৰীয়ে ওচৰৰে  বিয়াঘৰৰ আমন্ত্ৰণ ৰক্ষা কৰি  উভতাৰ পথত বনৰীয়া হাতীয়ে তেওঁক গছকি হত্যা কৰিছিল ৷  

বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাতে সংঘটিত হোৱা ঘটনাটোৱে চাৰি দিন অতিক্ৰম কৰাৰ পিছতো বনমন্ত্ৰীগৰাকীয়ে নিহত লাল বাহাদুৰ ছেত্ৰীৰ পৰিয়ালবৰ্গৰ কোনো খবৰ  নোলোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে আগছুৰ জিলা সমিতিৰ সভাপতি ৰাজু ছেত্ৰী আৰু সাধাৰন সম্পাদক কিৰণ ছেত্ৰীয়ে।

বনমন্ত্ৰীৰ এনে কাৰ্যক গৰিহণা দি অতি শীঘ্ৰে লাল বাহাদুৰ ছেত্ৰীৰ পৰিয়ালবৰ্গক উপযুক্ত ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে আগছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে৷